Sunday, July 26, 2020
Comment
👉বঙাইগাঁও জিলাৰ যোগীঘোপাত বন বিভাগৰ অভিযান
🔯বঙাইগাঁওঃ ২৫ জুলাইঃ
📝বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ভাবিৰ টিলাত আজি (শনিবাৰে ) বন বিভাগে গোপন সূত্ৰৰ পম এক অভিযান চলায় ৷ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে দলনি বিলৰ মাজত অৱস্থিত ভাবিৰটিলা নামৰ ঠাইত চলোৱা এই অভিযানত এটা অবৈধ কাঠ ফলা কল উৎখাত কৰাৰ লগতে কিছু পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

0 Response to " "
Post a Comment