Thursday, July 16, 2020
Comment
👉বঙাইগাঁৱত পুখুৰীত গা ধুৱলৈ গৈ যুৱকৰ মৃত্যু
বঙাইগাঁওঃ ১৫ জুলাইঃ
🔯বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাত আজি বিয়লিৰ ভাগত পুখুৰীত গা ধুৱলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটে ৷ মৃত যুৱকজন ওচৰৰে চিটিকাগাঁও ৰাভাপাৰাৰ দ্বীপেন ৰাভা ( ২৫) ৷ জানিব পৰা মতে দ্বীপেন ৰাভাই দুপৰীয়াৰ ভাগত গৰু চৰাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷ পিচত আন তিনি- চাৰিজন মান বন্ধুৰ সৈতে চাপৰাকাটা পাহাৰৰ ফায়াৰিং ৰেঞ্জৰ ওচৰৰ পুখুৰীত গা ধুৱলৈ যায় ৷ পুখুৰীত গা ধুই থকাৰ সময়তে হঠাতে যুৱকজন গভীৰ পানীত সোমাই পৰাত মৃত্যুক সাৱটি লয় ৷ ঘটনাৰ খবৰ পাই পিচত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় যদিও যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাছিল ৷ পিচত আৰক্ষী আৰু এছডিআৰএফ বাহিনীক খবৰ দিয়ে আৰু এছডিআৰএফ বাহিনীয়ে পুখুৰীত উদ্ধাৰ অভিযান চলাই সন্ধিয়াৰ ভাগত যুৱকজনৰ মৃতদেটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷🔯
0 Response to " "
Post a Comment