Saturday, July 18, 2020
Comment
👉বঙাইগাঁৱত নলাত উদ্ধাৰ হ'ল মৃতদেহ
বঙাইগাঁওঃ১৭ জুলাইঃ
🔯বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁওস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত আজি দিনৰ ভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ৷ বিদ্যালয়খনৰ সন্মুখৰ পথৰ দাঁতিত থকা নলাৰ পানীত তলমুৱাকৈ পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটো পিচত উত্তম দেৱ ৰয় ( ৪২) ৰ বুলি চিনাক্ত কৰা হয় ৷ উল্লেখ্য যে অত্যাধিক সুৰা পান কৰাৰ ফলত ব্যক্তিজন কেনেবাকৈ নলাত পৰি যোৱাত মৃত্যুক সাৱটি লোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ মৃত ব্যক্তিজনৰ ঘৰ ভাকাৰীভিটাত আৰু নিউ বঙাইগাঁওস্থিত ৰে'লৱে ৰানিং ৰূমত অস্থায়ী ৰান্ধনী হিচাপে কাম কৰিছিল ৷ কিন্তু যোৱা নিশা ব্যক্তিজন কৰ্তব্যত উপস্থিত হোৱা নাছিল বুলি জানিব পৰা গৈছে ৷ মৃতদেহটো পিচত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশ্যে ব্যক্তিজনে অত্যাধিক সুৰাপান কৰাৰ ফলত কেনেবাকৈ নলাত পৰি মৃত্যুক সাৱটিলে নে এয়া হত্যা তথা আত্মহত্যাৰ ঘটনা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷🔯
0 Response to " "
Post a Comment