-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ'নাৰ ন'ডেল বিষয়া ব্যস্ত ব্যক্তিগতভাৱে ৰোগী চোৱাত

বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ'নাৰ ন'ডেল বিষয়া ব্যস্ত ব্যক্তিগতভাৱে ৰোগী চোৱাত

 

👉কৰ'না মহামাৰী ঃ

👉বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ'নাৰ ন'ডেল বিষয়া ব্যস্ত ব্যক্তিগতভাৱে ৰোগী চোৱাত 


        বঙাইগাঁওঃ ১৯ আগষ্টঃ

📝কৰ'না মহামাৰীৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ চিকিৎসক , নাৰ্চকে ধৰি বিভাগটোৰ লগত জড়িত সৰ্বস্তৰৰ স্বাস্থ্যকৰ্মীসকলে দিনে নিশাই নিজৰ সেৱা আগবঢ়াই অহাৰ সময়তে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসকৰ বিৰুদ্ধে নিজৰ কৰ্তব্য পালনত গাফিলতি কৰি ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ব্যস্ত থকা বুলিহে অভিযোগ উঠিছে ৷ উল্লেখ্য যে বঙাইগাঁও অসামৰিক চিকিৎসালয়খনৰ চিকিৎসক তথা চিকিৎসালয়খনৰ কৰ'নাৰ ন'ডেল বিষয়াৰ দায়িত্বত থকা ডাঃ এম এম ৰহমানে নিজ কৰ্তব্য পালন নকৰি ধুবুৰী জিলাৰ চাপৰৰ অ কে হেল্থকেয়াৰ নামৰ ব্যক্তিগত লেবৰেটৰীত ব্যস্ত থকাৰ অভিযোগ উঠিছে ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়খনত যিহেতু ২৪ ঘণ্টাই কৰ'না ৰোগীক চিকিৎসা প্ৰদান কৰি অহা হৈছে , সেয়ে চিকিৎসকগৰাকী বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ কৰ'নাৰ ন'ডেল বিষয়াৰ দায়িত্বত থকাত চিকিৎসালয়খনত কৰ্তব্যত থাকিব লাগে ৷ কিন্তু উত্থাপিত অভিযোগ মতে এই গৰাকী চিকিৎসকে দিনৰ ডেৰ - দুই বজাৰ পিছত  বঙাইগাঁও অসামৰিক চিকিৎসালয় এৰি ধুবুৰী জিলাৰ চাপৰলৈ গৈ ব্যক্তিগতভাৱে ৰোগী চোৱাত ব্যস্ত হৈ আহিছে ৷
উল্লেখ্য যে কৰ'না মহামাৰীৰ এই ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকসকলক  ব্যক্তিগত ভাবে কোনো ৰোগী চোৱা কামত ব্যস্ত  নহ'বলৈ নিৰ্দেশ জাৰি কৰিছে ৷কিন্তু চৰকাৰৰ সেই নিৰ্দেশক ভেঙুচালি কৰি বঙাইগাওঁ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকগৰাকী এইদৰে চাপৰলৈ গৈ ব্যক্তিগতভাৱে  ৰোগী চোৱাত ব্যস্ত থকাৰ অভিযোগ উঠিছে ৷ ইপিনে চিকিৎসকগৰাকীৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগো উত্থাপিত হৈছে ৷ উত্থাপিত অভিযোগ মতে  চিকিৎসালয়খনৰ কোভিড ৰোগীক খাদ্য যোগানৰ নামত এখন ধাবাৰ মালিকৰ সৈতে মিলি এই গৰাকী ন'ডেল বিষয়াই ৰোগীক নিম্নমানৰ খাদ্য যোগান ধৰা তথা খাদ্য যোগানৰ খেলিমেলি আৰু নীতি বৰ্হিভূত কাম কৰাৰ বাবে অৱশেষত জিলা প্ৰশাসনে খাদ্য যোগান ধৰা উক্ত যোগনীয়াক দায়িত্বৰ পৰা কৰ্তন কৰি আন যোগনীয়াৰক দায়িত্ব  প্ৰদান কৰা বুলিও জানিব পৰা গৈছে ৷ কৰ'না মহামাৰীৰ এই সময়ত চিকিৎসকগৰাকীৰ এনে কৰ্ম- কাণ্ডকলৈ এতিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ লগতে বঙাইগাঁও জিলা প্ৰশাসনে এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মাজত ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আন একাংশ চিকিৎসকেও বিভাগীয় নিৰ্দেশ অমান্য কৰি বিভিন্ন ফাৰ্মাচী তথা নিজ গৃহত ৰোগী চাই অহাৰ অভিযোগ উঠিছে ৷ সেয়ে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগক এই দিশত অধিক কঠোৰ হোৱাটো বিচাৰিছে সচেতন মহলে ৷ 

0 Response to "বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ'নাৰ ন'ডেল বিষয়া ব্যস্ত ব্যক্তিগতভাৱে ৰোগী চোৱাত "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article