চিৰাঙত নৈত সন্ধানহীন হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
Thursday, August 27, 2020
Comment
👉চিৰাঙত নৈত সন্ধানহীন হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
বঙাইগাঁওঃ ২৬ আগষ্টঃ
📝যোৱা ২৪ আগষ্টত চিৰাঙৰ পাণবাৰীৰ ৰাণীঘাটৰ হাকোৱা নৈত গা-ধুই থাকোঁতে নৈত সন্ধানহীন হোৱা সঞ্জয় বসুমতাৰী (১৮) নামৰ ছাত্ৰজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয় ৷ মৃতদেহটো বাক্সা জিলাৰ নিজ ডাকুৱা ঘাটৰ হাকোৱা নৈত উদ্ধাৰ হয় ৷ উল্লেখ্য যে উক্তদিনা সঞ্জয় বসুমতাৰী আৰু টিটুৰাজ দৈমাৰী নামৰ ছাত্ৰ দুজন নৈখনত গা ধুই থাকোতে নৈত সন্ধানহীন হৈ পৰিছিল। পিচত ঘটনাৰ খবৰ পাই এচডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ নৈখনত উদ্ধাৰ অভিযান চলায় ৷ একেদৰে স্থানীয় লোকেও চলায় উদ্ধাৰ অভিযান ৷ এই অভিযানত টিটুৰাজৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সন্ধানহীন হৈ আছিল সঞ্জয় । আনকি পিচদিনা পুনৰ এচডিআৰএফ- এনডিআৰএফৰ দলে উদ্ধাৰ অভিযান চলাইছিল ৷ কিন্তু ওলোৱা নাছিল কোনো সন্ধান ৷ অৱশেষত নৈখনত সন্ধানহীন হোৱা স্থানৰ পৰা চাৰি কিলোমিটাৰ মান আঁতৰত তথা বাক্সা জিলাৰ নিজ ডাকুৱা ঘাটত ট্ৰেক্টৰ এখনে নৈখনৰ পৰা শিল-বালি উঠাই থকাৰ সময়ত সন্ধানহীন ছাত্ৰজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।🔯
0 Response to "চিৰাঙত নৈত সন্ধানহীন হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ "
Post a Comment