-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাৰ কোভিডত আক্ৰান্ত এবছৰীয়া শিশুক সুস্থ হৈ উঠাত হাস্পতালৰ পৰা মুকলি

বঙাইগাঁও জিলাৰ কোভিডত আক্ৰান্ত এবছৰীয়া শিশুক সুস্থ হৈ উঠাত হাস্পতালৰ পৰা মুকলি

👉বঙাইগাঁও জিলাৰ কোভিডত আক্ৰান্ত এবছৰীয়া শিশুক সুস্থ হৈ উঠাত হাস্পতালৰ পৰা মুকলি  

          বঙাইগাঁওঃ ৭ আগষ্টঃ 
📝বঙাইগাঁও জিলাৰ বইটামাৰী মডেল হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকা বাঁশবাৰীৰ কোভিড- ১৯ ত আক্ৰান্ত এটি এবছৰীয়া শিশু সুস্থ হৈ উঠাত তথা নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ জানিব পৰা মতে শিশুটি যোৱা ৪ আগষ্টৰ পৰা হাস্পতালখনৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল ৷ শিশুটি চিকিৎসাধীন হৈ থকা অৱস্থাত শিশুটিৰ সৈতে মাতৃগৰাকীও নিজ ইচ্ছাৰে হাস্পতালখনত একেলগে আছিল ৷ অৱশ্যে মাতৃগৰাকী কোভিডত আক্ৰান্ত হোৱা নাছিল ৷ পিচত শিশুটিৰ ৰেপিড এণ্টিজেন পৰীক্ষাৰ লগতে আৰ টি - পি চি আৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত হাস্পতালখনৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ সেইদৰে শিশুটিৰ মাতৃৰো ৰেপিড এণ্টিজেন পৰীক্ষা আৰু আৰ টি - পি চি আৰ পৰীক্ষা কৰা হৈছিল আৰু ফলাফল নিগেটিভ আহে ৷ যাৰ বাবে সন্তান আৰু মাতৃক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হয় ৷ 🔯

0 Response to "বঙাইগাঁও জিলাৰ কোভিডত আক্ৰান্ত এবছৰীয়া শিশুক সুস্থ হৈ উঠাত হাস্পতালৰ পৰা মুকলি "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article