-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত ব্যৱহাৰযোগ্য ই.ভি.এম আৰু ভি. ভি. পেটৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডোমাইজেচন সম্পূৰ্ণ

৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত ব্যৱহাৰযোগ্য ই.ভি.এম আৰু ভি. ভি. পেটৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডোমাইজেচন সম্পূৰ্ণ

👉৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত ব্যৱহাৰযোগ্য ই.ভি.এম আৰু ভি. ভি. পেটৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডোমাইজেচন সম্পূৰ্ণ
📝আজি বঙাইগাঁও জিলা উপায়ু্ক্ত কাৰ্যালয়ৰ সভা কক্ষত  ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত সমাগত নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ই.ভি.এম. আৰু ভি.ভি.পেট মেচিন সমূহ সমষ্টিটোৰ বাবে নিৰ্বাচন আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যৱেক্ষক শশীভূষণ কুমাৰ ,জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম.এছ.লক্ষ্মীপ্ৰিয়া, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডোমাইজেচন ( RANDOMIZATION) সম্পন্ন কৰা হয় । ই.ভি.এম পৰিচালনা ব্যৱস্থাৰ জৰিয়তে কৰা এই ৰেণ্ডোমাইজেচনৰ পিছত ৩২নং বঙাইগাঁও বিধান সভা সমষ্টিৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্দিষ্ট  ই.ভি.এম. মেচিন  ( বেলট ইউনিট আৰু কন্ট্ৰোল ইউনিটসহ ) আৰু ভি.ভি.পেট মেচিন আৱণ্টন দিয়া হয় । বিধান সভা সমষ্টিটোত ২৬০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ৩১৬ টা বেলট ইউনিট , ৩১৬ টা কন্ট্ৰোল ইউনিট আৰু ৩৪৩ টা ভি.ভি.পেট মেচিন ৰেণ্ডোমাইজ কৰা হয় । ইয়াৰ ভিতৰত ৫৬ টা বেলট ইউনিট আৰু ৫৬ টা কন্ট্ৰোল ইউনিট আৰু ৮৩ টা ভি.ভি.পেট মেচিন সংৰক্ষিত কৰাৰ বাবে আৱন্টন কৰা হয় ।🔯

0 Response to "৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত ব্যৱহাৰযোগ্য ই.ভি.এম আৰু ভি. ভি. পেটৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডোমাইজেচন সম্পূৰ্ণ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article