প্ৰদৰ্শনীমূলক ( ডেমো) ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে নতুন ভোটাৰক প্ৰশিক্ষণ
Friday, March 12, 2021
Comment
👉প্ৰদৰ্শনীমূলক ( ডেমো) ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে নতুন ভোটাৰক প্ৰশিক্ষণ
📝সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি তথা অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ ভোটাৰ সকলক বিশেষকৈ পোন প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিবলৈ সাজু হোৱা নতুন ভোটাৰসকলক ইলেক্ট্ৰনিক ভোটিং মেচিনৰ সহায়ত নিজৰ ভোট সাব্যস্ত কৰিবৰ বাবে সজাগতামূলক প্ৰশিক্ষণ দিয়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই সজাগতামূলক কাৰ্যসুচীৰ অংশ হিচাপে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ইতিমধ্যেই এটা প্ৰদৰ্শনীমূলক ( ডেমো) আদৰ্শ ভোট কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে নতুন ভোটাৰ তথা বিভিন্নজনক ভোটিং মেচিনৰ সহায়ত কিদৰে ভোটদান কৰা হয় সেয়া প্ৰদৰ্শন কৰি প্ৰশিক্ষণ দিয়া হয় ৷ আজি বঙাইগাঁও বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ একাংশ ছাত্রী ভোটাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত স্থাপন কৰা উক্ত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ তথা প্ৰশিক্ষণ পৰিচলনা কক্ষৰ প্ৰদৰ্শনৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰে । এইখিনিতে বিশেষভাৱে উল্লেখ কৰিব পাৰি যে এই প্ৰদৰ্শনীমূলক ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত।🔯
0 Response to "প্ৰদৰ্শনীমূলক ( ডেমো) ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে নতুন ভোটাৰক প্ৰশিক্ষণ "
Post a Comment