বঙাইগাঁৱত পুনৰ ক'ৰোনাত আক্ৰান্ত একে পৰিয়ালৰ তিনি সদস্য
Wednesday, March 31, 2021
Comment
👉বঙাইগাঁৱত পুনৰ ক'ৰোনাত আক্ৰান্ত একে পৰিয়ালৰ তিনি সদস্য
👉আক্ৰান্তৰ সংখ্যা ৮ জনলৈ বৃদ্ধি
📝বঙাইগাঁৱত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ক'ৰোনাৰ সংক্ৰমণ ৷ তিনিদিন পূৰ্ৰে চহৰখনত দুটা পৰিয়ালৰ চাৰিজন সদস্য ক'ৰোনাত আক্ৰান্ত হোৱাৰ পিচত সোমবাৰে পুনৰ চহৰখনৰ একেটা পৰিয়ালৰ তিনি গৰাকী সদস্যৰ দেহত ধৰা পৰে ক'ভিড- ১৯ সংক্ৰমণ ৷ চহৰ খনৰ ২৪ নং ৱাৰ্ডৰ এই পৰিয়ালটোৰ পতি , পত্নী আৰু পুত্ৰ এজনৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰিছে ৷ পৰিয়ালটোৱে সোমবাৰে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছিল আৰু পিছত ৰেপিড এণ্টিজেণ্ট পৰীক্ষাত পৰিয়ালটোৰ তিনিও গৰাকী সদস্যৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ উল্লেখ্য যে পৰিয়ালটো দিল্লী ভ্ৰমণ কৰি অহা বুলি জানিব পৰা গৈছে ৷ ইয়াকে ধৰি জিলাখনত ক'ভিড প'জিটিভ আক্ৰান্তৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে ৷ 🔯
0 Response to "বঙাইগাঁৱত পুনৰ ক'ৰোনাত আক্ৰান্ত একে পৰিয়ালৰ তিনি সদস্য"
Post a Comment