-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
অব্যাহত  👉আজি ২৪ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

অব্যাহত 👉আজি ২৪ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

👉বঙাইগাঁও জিলাত ক'ৰোনাৰ সংক্ৰমণ অব্যাহত

👉আজি ২৪ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ  

👉মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১২৮ জনলৈ বৃদ্ধি 
📝বঙাইগাঁও জিলাত মহামাৰী ক'ৰোনাই লৈছে  ভয়াৱহ সংক্ৰমণৰ ৰূপ ৷ জিলাখনত ইতিমধ্যে ক'ভিডত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ সোমবাৰে জিলাখনৰ ৩৩ জনকৈ ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰাৰ পিচত আজি জিলাখনত পুনৰ ২৪ জনকৈ ব্যক্তি ক'ভিডত আক্ৰন্ত হৈছে ৷ জিলাখনত আজি নতুনকৈ ২৪ জন ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰাত বৰ্তমান জিলাখনত মুঠ  সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ১২৮ জনলৈ বৃদ্ধি পালে ৷ ইপিনে ৰাজ্য চৰকাৰে আজি সন্ধিয়া ৬ বজাৰ পৰা সকলো দোকান- পোহাৰ ,বজাৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰিছিল যদিও বঙাইগাঁও চহৰত সেয়া পৰিলক্ষিত নহ'ল ৷ ছয় বজাৰ পিচতো দোকান- পোহাৰ ,বজাৰ আদি খোলা থকা দেখা গ'ল ৷ এইক্ষেত্ৰত জিলা প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল ৷ চৰকাৰে বলবৎ কৰা নতুন ক'ভিড বিধি মানিবলৈকো যেন এতিয়া প্ৰশাসন কঠোৰ হ'ব লাগিব ৷ কাৰণ ক'ৰোনাই ৰাজ্যখনত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিচতো বহুতৰ এতিয়াও গায়ে লৰা নাই ৷বিনা মাস্ক পৰিধান কৰিয়ে ঘূৰি ফুৰিছে ৷ অৱশ্যে লাহে লাহে সজাগ হ'ব ধৰিছে ৷ সেয়ে জিলাখনত ক'ৰোনাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি জনজীৱনলৈ বিপদ সংকেত কঢ়িয়াই অনাৰ পূৰ্বে জিলা প্ৰাশাসন অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে বুলি সচেতন মহলে মতপোষণ কৰিছে ৷ অন্যথা ইয়াৰ পৰিণাম জিলাবাসীয়ে ভুগিব লাগিব ৷ উল্লেখ্য যে আজিৰ দিনটোত জিলাখনত মুঠ ২,৩৭২ জন ব্যক্তিক এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হৈছিল ৷ ইয়াৰ ভিতৰত ২৪ জন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷🔯

0 Response to "অব্যাহত 👉আজি ২৪ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article