বঙাইগাঁৱত পুনৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ
Friday, April 9, 2021
Comment
বঙাইগাঁৱত পুনৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ
👉আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২০ জনলৈ বৃদ্ধি
📝বঙাইগাঁও জিলাত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ ৷ ক্ৰমাৎ দিনে দিনে জিলাখনত ক'ৰোনাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত এতিয়া জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন ঠাইৰ পাঁচজন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিচত আজি পুনৰ আন পাঁচজন ব্যক্তিৰ দেহত ক'ভিভ- ১৯ প'জিটিভ ধৰা পৰে ৷ নতুনকৈ আক্ৰান্তসকলৰ এজন বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱৰ , এজন অভয়াপুৰীৰ ,এজন অভয়াপুৰী বাটাবাৰীৰ ,এজন বইটামাৰী মলিগাঁৱৰ আৰু এজন ২ নং ধুপুৰী অঞ্চলৰ বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখ্য যে এই ব্যক্তিসকলৰ ৰেপিড এণ্টিজেণ্ট পৰীক্ষাত তেওঁলোকৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াকে ধৰি বৰ্তমান জিলাখনত সক্ৰিয় ক'ভিড- ১৯ প'জিটিভ ৰোগীৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পালে ৷🔯
0 Response to "বঙাইগাঁৱত পুনৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ"
Post a Comment