-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
✅বঙাইগাঁৱত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটি

✅বঙাইগাঁৱত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটি



#বিভিন্ন আঁচনি পৰিদৰ্শন কৰাৰ লগতে কৰিলে পৰ্যালোচনা


বঙাইগাঁওঃ ৮ জুলাইঃ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটিয়ে মঙলবাৰে বঙাইগাঁও জিলাৰ বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। বিধায়ক নুৰুল হুদা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভৱেন্দ্ৰ নাথ ভঁৰালী, উৎপল বৰা, কৰিম উদ্দিন বৰভূঞাঁ, হাফিজ বছিৰ আহমেদ আৰু আব্দুৰ ৰছিদ মণ্ডলকলৈ গঠিত সাতজনীয়া অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটিৰ সদস্যসকলে বঙাইগাঁৱত উপস্থিত হৈ জিলাখনত নিৰ্মীয়মান বঙাইগাঁও মেডিকেল কলেজ, বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়, সংহত বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়, বইটামাৰীৰ কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ, জলসিঞ্চন আঁচনি আদি পৰিদৰ্শন কৰে ৷ আনহাতে বিয়লি ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটীয়ে বিধায়ক নুৰুল হুদাৰ সভাপতিত্বত বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ উপস্থিতিত বিভাগীয় মুৰব্বী বিষয়াসকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয়। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোকনিৰ্মাণ পথ আৰু গৃহ, জনস্বাস্থ্য কাৰিকৰী, জল সম্পদ, শিক্ষা, কৃষি, বন, ভূমি সংৰক্ষণ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, আবকাৰী, স্বাস্থ্য, জলসিঞ্চন, মীন আদি বিভাগৰ অধীনত জিলাখনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে আৰু কমিটীয়ে জিলাখনৰ বিভাগীয় মুৰব্বী বিষয়াসকলক কামসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে কাম সম্পূৰ্ণ হোৱাৰ প্ৰতিবেদন জিলা আয়ুক্তৰ জৰিয়তে ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটীৰ ওচৰত দাখিল কৰিবলৈও কয়। সভাপতি নুৰুল হুদাই জিলাখনৰ আয়ুক্তকে ধৰি আন আন বিষয়াৰ সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে যিসমূহ আঁচনি হাতত লয় সেই আঁচনিসমূহ ৰূপায়ণৰ গুৰু দায়িত্ব বিষয়াসকলৰ। গতিকে বিষয়াসকলে নিষ্ঠা আৰু সততাৰে সেই গুৰু দায়িত্ব পালন কৰিলেহে ৰাজ্যৰ উন্নতি সম্ভৱ। সেই কথা উপলব্ধি কৰি বিষয়াসকলক কাম কৰিবলৈ নুৰুল হুদাই আহ্বান জনায়। পৰ্যালোচনা সভাত অসম চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াও উপস্থিত থাকে।




0 Response to "✅বঙাইগাঁৱত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ কমিটি"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article