
অসমৰ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
অসমৰ চাৰিগৰাকী সাহিত্যিক - শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
ড০ হীৰেন গোঁহাইলৈ সাহিত্য সাধনা বঁটা, মহেন্দ্ৰ হাজৰিকালৈ সাহিত্য সাধনা সংস্কৃতি বঁটা, সীতাৰাম বসুমতাৰীলৈ সাহিত্য সাধনা জনগোষ্ঠীয় ভাষা বঁটা আৰু শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য সাধনা যুৱ বঁটা ঘোষণা
সাহিত্য সাধনা দিৱস ২০২৫ ৰ অনুষ্ঠানত প্ৰদান কৰা হ'ব বঁটা
বঙাইগাঁওঃ ২০ জুলাইঃ অসমৰ একক, পৃথক, অনন্য আৰু সৰ্ববৃহৎ জাতীয় মঞ্চ সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ পিছতে বিয়লিৰ ভাগত কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাস আৰু মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মাই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সদস্যসকলৰ উপস্থিতিত এখন সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত সাহিত্য সাধনা মঞ্চ অসমৰ সংবিধান প্রদত্ত চাৰিটা সৰ্বোচ্চ সন্মান অসমৰ চাৰিগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিল্পিলৈ আগবঢ়োৱা হ'ব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদকে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। অসমৰ জাতীয় জীৱনলৈ সাহিত্য ক্ষেত্ৰখনৰ জৰিয়তে সেৱা আগবঢ়াই অহা বিশিষ্ট সাহিত্যিক ড° হীৰেন গোহাঁইলৈ সাহিত্য সাধনা বঁটা ২০২৪ ,গণশিল্পী মহেন্দ্ৰ হাজৰিকালৈ সাহিত্য সাধনা সংস্কৃতি বঁটা ২০২৪, বড়ো সাহিত্য সভাৰ উপ সভাপতি, বিশিষ্ট সাহিত্যিক সীতাৰাম বসুমতাৰীলৈ সাহিত্য সাধনা জনগোষ্ঠীয় ভাষা বঁটা ২০২৪ আৰু যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য সাধনা যুৱ বঁটা ২০২৪ আগবঢ়োৱা হ’ব বুলি কেন্দ্ৰীয় সমিতিয়ে সংবাদ মেলত ঘোষণা কৰে। উল্লেখ্য যে সাহিত্য সাধনা মঞ্চ অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ২৬ ছেপ্তেম্বৰত বজালী জিলা সমিতিৰ আতিথ্যত আৰু কেন্দ্ৰীয় সমিতিৰ সৌজন্যত পাঠশালাত অনুষ্ঠিত হ’ব ৷ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে আনুষ্ঠানিক ভাৱে এই বঁটাসমূহ প্ৰদান কৰা হ’ব। স্মৰ্তব্য যে সাহিত্য সাধনা মঞ্চ অসমে প্ৰতিষ্ঠা দিৱসটি প্ৰতি বছৰে সাহিত্য সাধনা দিৱস হিচাবে উদযাপন কৰি আহিছে। কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসে সংবামেলত সাহিত্য সাধনা মঞ্চ অসমে নতুন প্ৰজন্মক এখন উপযুক্ত মঞ্চ প্ৰদান কৰি সাহিত্য, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই নিবলৈ অহৰহ প্ৰয়াস কৰি আহিছে বুলি উল্লেখ কৰি সাহিত্য সাধনা মঞ্চ অসমৰ সমাজমুখী যাত্ৰাত অসমৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ কামনা কৰি অসমৰ ৰাইজে বিচৰা ধৰণে কাম কৰি যাব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৱজিৎ দাসে সাহিত্য সাধনা মঞ্চ অসমৰ এই যাত্ৰা বৃহত্তৰ বৰ্ণিল অসমীয়া জাতিৰ বিভিন্ন ভাষা- ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সাহিত্য, শিক্ষা আৰু সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে সমন্বয় সাধনৰ এক প্ৰয়াস বুলি উল্লেখ কৰি নতুন প্ৰজন্মক প্ৰতিভা বিকাশৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ সাহিত্য সাধনা মঞ্চ অসম বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৷ লগতে সাহিত্য সাধনা মঞ্চ অসমক জাতীয় সংগঠনৰ পৰিৱৰ্তে জাতীয় মঞ্চ হিচাবেহে অসমৰ ৰাইজে দেখা পাব বুলি উল্লেখ কৰে। আনহাতে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মাই সাহিত্য সাধনা মঞ্চ অসমে বলিষ্ঠ ৰূপত অসমৰ নতুন প্ৰজন্মৰ স্বাৰ্থত সদায় কাম কৰি যাব বুলি উল্লেখ কৰে। উক্ত সংবাদ মেলতে বজালী জিলা সমিতিৰ সভাপতি ড° চন্দনা দেৱীয়ে সাহিত্য সাধনা মঞ্চ অসমৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে জিলা সমিতিৰ আতিথ্যত আয়োজিত হ'ব লগা কেন্দ্ৰীয় সাহিত্য সাধনা দিৱসৰ প্ৰস্তুতি জিলা সমিতিয়ে আৰম্ভ কৰা বুলি উল্লেখ কৰে। জিলা সমিতিৰ সভাপতি গৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় সাহিত্য সাধনা দিৱস ২০২৫ অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত বিস্তৃত কাৰ্য্যসূচী প্ৰকাশ কৰিব বুলি কয় ৷ লগতে সাহিত্য সাধনা মঞ্চ অসমৰ বঁটাসমূহ কেন্দ্ৰীয় সমিতিয়ে পোন-প্ৰথমবাৰৰ বাবে বজালীৰ পৰাই প্ৰদান কৰিবলৈ লোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি বজালীবাসীৰ বাবে এইয়া এক গৌৰৱৰ ক্ষন হ’ব বুলি উল্লেখ কৰে। কেন্দ্ৰীয় সমিতিৰ সম্পাদকে সাহিত্য সাধনা মঞ্চ অসমে পুথিভঁৰাল স্থাপন, গ্ৰন্থ প্ৰকাশকে আদি কৰি নতুন প্ৰজন্মৰ প্ৰতিভা সমূহ বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক উৎসাহ যোগাবলৈ গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ কথা সংবাদমেলত উল্লেখ কৰি অসমৰ ৰাইজৰ সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰি সাহিত্য সাধনা মঞ্চ অসমৰ ২০২৪ বৰ্ষৰ বঁটা নিৰ্বাচক সমিতিৰ দুগৰাকী সদস্য ক্ৰমে ড৹ মুনীন শইকীয়া আৰু ড৹ সৰোজ মোহন দাসক ধন্যবাদ জ্ঞাপন কৰে।
0 Response to "অসমৰ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান "
Post a Comment