-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত   আবৃত্তি কৰ্মশালা আয়োজন

বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আবৃত্তি কৰ্মশালা আয়োজন


বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত   আবৃত্তি কৰ্মশালা আয়োজন

#বঙাইগাঁওঃ বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু আটুগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহযোগত সোমবাৰে বিদ্যালয় প্ৰাংগণত এখন এদিনীয়াক আবৃত্তি কৰ্মশালা অনুষ্ঠিত হয় ৷ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰণয় কুমাৰ সিংহৰ পৰিচালনাত ছাত্ৰ - ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে ৷ ইয়াৰ পিছতে পৰিষদৰ জিলা সভাপতি বনলতা দাসে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সকলোকে অৱগত কৰে ৷ লগতে আবৃত্তি কলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তথা নৱ প্ৰজন্মক এই কলাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কবিতাৰ কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷ অনুষ্ঠানত সমল ব্যক্তি তথা দুধনৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু আবৃত্তিকাৰ ডঃ নিৰূপা ৰায় বৰুৱা আৰু অৱসৰী শিক্ষক তথা আবৃত্তিকাৰ হৰিপ্ৰসাদ৷নাথে ছাত্ৰ - ছাত্ৰীসকলক আবৃত্তিৰ অৰ্থ, কলা, কৌশল, আবৃত্তি পৰিৱেশনৰ নিয়ম সম্পৰ্কে  প্ৰশিক্ষণ প্ৰদান কৰে ৷ সেইদৰে সম্পাদিকা মীৰা কলিতাইও আবৃত্তিৰ কিছুমান নিয়ম ছাত্ৰ - ছাত্ৰীসকলক শিকাই দিয়ে আৰু কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ৷ কৰ্মশালাত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰী সকলে কবিতা আবৃত্তি, গীত- নৃত্যৰে কৰ্মশালাখন উপভোগ্য কৰি তোলে ৷ আনহাতে সভাপতি বনলতা দাসে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে  অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে পঞ্চাশ হেজাৰ আবৃত্তিকাৰে ডঃ অমৰজ্যোতি চৌধুৰীৰ 'মৃত্যু জিনাৰ গান, এটা গান শেষ হ'ল'  কবিতাটো আবৃত্তি কৰিবলৈ লোৱা সিদ্ধান্তৰ কথাটো জনায় ৷ লগতে সকলোৱে কবিতাটো একেলগে আবৃত্তি কৰে ৷ কৰ্মশালাখনত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তৰেন চৌধুৰী, প্ৰধান শিক্ষক প্ৰণয় কুমাৰ সিংহ, শিক্ষয়ত্ৰী হিমানী চৌধুৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ৷ কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰা হয় ৷ 

0 Response to "বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আবৃত্তি কৰ্মশালা আয়োজন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article