
✅বঙাইগাঁৱত পত্নীহন্তা স্বামীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত
✅বঙাইগাঁৱত পত্নীহন্তা স্বামীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত
✍️নিজ গৰ্ভৱতী পত্নীক হত্যাৰ এক গোচৰত অভিযুক্ত ছাদ্দাম হুছেইন নামৰ দোষী ব্যক্তি এজনক বঙাইগাঁও জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিছে ৷ উল্লেখ্য যে বিগত ২০১৬ চনৰ ২২ অক্টোৱৰৰ নিশা ছাদ্দাম হুছেইন নামৰ ব্যক্তিজনে পূৰ্ব পৰিকল্পিতভাবে নিজৰ ছমহীয়া গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰে ৷ ঘটনা সংক্ৰান্তত বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাত ৰুজু হয় এটি গোচৰ ৷ এই গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰি আদালতত দাখিল কৰে অভিযোগনামা ৷ পৰৱৰ্তী সময়ত আদালতত হোৱা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত জিলা সত্ৰ ন্যায়াধীশ মৌচুমী দেই চাৰি জুলাইত এক দৃষ্টান্তমূলক ৰায়যোগে নিজ পত্নীক হত্যাৰ গোচৰত অভিযুক্ত মহম্মদ ছাদ্দাম হুছেইনক দোষী সাব্যস্ত পাই ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ নং ধাৰাত যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকাৰ অৰ্থদণ্ড বিহে ৷ লগতে অৰ্থদণ্ড অনাদায়ে এবছৰ অতিৰিক্ত কাৰাদণ্ডৰ আদেশ দিয়ে ৷ গোচৰটোত চৰকাৰী পক্ষৰ হৈ লোক অধিবক্তা ৰাজেশ কুমাৰ বৰ্মনে যুক্তি আগবঢ়ায় ৷
0 Response to "✅বঙাইগাঁৱত পত্নীহন্তা স্বামীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত"
Post a Comment