পুৰুষতকৈ মহিলাইহে ভোটদান কৰিলে অধিক
Wednesday, April 7, 2021
Comment
👉বঙাইগাঁও বিধান সভা সমষ্টিত ৮৬.৪২ শতাংশ ভোটদান
👉পুৰুষতকৈ মহিলাইহে ভোটদান কৰিলে অধিক
📝মঙলবাৰে অনুষ্ঠিত হৈ যোৱা অসম বিধান সভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত মুঠ ৮৬.৪২ শতাংশ ভোটদান হয় ৷ যিটো উল্লেখনীয় হিচাপে পৰিগণিত হৈছে ৷ তাৰোপৰি সমষ্টিটোত এইবাৰ পুৰুষতকৈ মহিলাৰ ভোটদানৰ হাৰ অধিক হয় ৷ সমষ্টিটোত এইবাৰ মহিলাৰ ভোটদানৰ হাৰ ৮৭.০২ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ ভোটদানৰহাৰ হ'ল ৮৫.৮ শতাংশ ৷ উল্লেখ্য যে সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৭৬,৩০৬ গৰাকী ৷ ইয়াৰ ভিতৰত এইবাৰ ১,৫২,৩৫৮গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰে ৷ তাৰে ভিতৰত ৭৭,৪৩২ গৰাকী মহিলা ভোটাৰ আৰু ৭৪,৯২৬ গৰাকী পুৰুষ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ এনেও সমষ্টিটোত এইবাৰ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক আছিল ৷🔯
0 Response to "পুৰুষতকৈ মহিলাইহে ভোটদান কৰিলে অধিক "
Post a Comment