-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
■হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ কাম-কাজ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা

■হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ কাম-কাজ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা

■২৮ জুন: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ উপস্থিতিত বিভাগটোৰ বিষয়াসকলৰ সৈতে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগে চলোৱা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিভাগটোক ৰাজ্যখনৰ শিপিনীসকলৰ বাবে বস্ত্ৰশিল্পৰ দিশত এটা শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে। মুখ্যমন্ত্ৰীয়ে শিপিনীসকলৰ বাবে বিস্তৃত বজাৰ সংযোগ নিশ্চিতকৰণৰ উপৰিও তেওঁলোকলৰ সৰ্বাধিক লাভালাভৰ বাবে সূতা বেংক আঁচনিখন উন্নীতকৰণৰ দিশতো নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে শিপিনীসকলক উন্নত মানৰ সূতা যোগান, দক্ষতা বিকাশ আৰু বজাৰৰ সৈতে সহজ আৰু পোনপটীয়া সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশৰ বিভিন্ন চহৰত অৱস্থিত অসম ভৱনসমূহত হস্ততাঁত সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে বিপণন কেন্দ্ৰ স্থাপনৰ উপৰিও আৰ্টফেডক পুনৰুজ্জীৱিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।■

0 Response to "■হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ কাম-কাজ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article