-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
■নতুন বিধানসভা ভৱনৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

■নতুন বিধানসভা ভৱনৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

■২৮ জুন: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ বিভাগ(ভৱন)ৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰিদৰ্শন আৰু পৰ্যালোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে  লোকনিৰ্মাণ বিভাগৰ আয়ুক্তক অহা ডিচেম্বৰৰ ভিতৰত নতুন ভৱনটোত বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ(ভৱন) বিভাগৰ বিষয়াসকলক ভৱনৰ অভ্যন্তৰীণ ভাগৰ সাল-সলনিসমূহ পুনৰ বিবেচনা কৰিবলৈ আৰু বিধানসভা সচিবালয়, মূল বিধানসভা কক্ষ আৰু মন্ত্ৰীসকলৰ কাৰ্যালয়কে ধৰি অন্যান্য সুবিধাযুক্ত ১৫ মহলীয়া ভৱনটোৰ  সৈতে পৰিসৰৰ কাম-কাজ প্ৰশাসনিক অনুমোদনৰ দ্বাৰা দ্ৰুতগতিৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।■

0 Response to "■নতুন বিধানসভা ভৱনৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article