বঙাইগাঁও জিলাত নতুনকৈ ৪৮ জন ব্যক্তি ক''ভিড-১৯ আক্ৰান্ত
Friday, July 2, 2021
Comment
বঙাইগাঁওঃ ২ জুলাইঃ বঙাইগাঁও জিলাত ক'ৰোনাৰ সংক্ৰমণৰ হাৰ পূৰ্বতকৈ কিছু হ্ৰাস পাইছে যদিও প্ৰতিদিনে নতুন নতুন ব্যক্তি আক্ৰান্ত হৈয়ে আছে ৷ জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ ৪৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১২১ জন আছে ৷ ইয়াৰ ভিতৰত ৭৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪২ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৪৬ জনকৈ ৰোগী ৷ জিলাখনত শুকুৰবাৰে মুঠ ৬,০৭৬ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২ জুলাই লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৯৩৮ জন হৈছে ৷
0 Response to "বঙাইগাঁও জিলাত নতুনকৈ ৪৮ জন ব্যক্তি ক''ভিড-১৯ আক্ৰান্ত "
Post a Comment