বঙাইগাঁৱত ৮৫ হেক্টৰ ভূমিত কমিউনিটি নাৰ্চাৰী
Friday, July 2, 2021
Comment
বঙাইগাঁওঃ ২ জুলাইঃ বিগত বৰ্ষবোৰত বঙাইগাঁও জিলাত হোৱা বানপানীৰ বাবে খেতি পথাৰ নষ্ট হোৱালৈ চাই এইবাৰো বানত খেতি পথাৰৰ নষ্ট হোৱাৰ আশংকা কৰা হৈছে। সেয়েহে বানাক্ৰান্ত খেতি পথাৰৰ ক্ষতিৰ পৰা জিলাখনৰ কৃষকসকলক সকাহ দিয়াৰ বাবে বঙাইগাঁও জিলা কৃষি বিভাগে প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে জিলাখনৰ কেইবাঠাইতো কমিউনিটি নাৰ্চাৰীৰ ব্যৱস্থা কৰিছে। জিলাখনৰ ৮৫ হেক্টৰ ভূমিত শালি ধানৰ কঠিয়া সিঁচা হ'ব। শনিবাৰে এই কমিউনিটি নাৰ্চাৰীত কঠিয়া সিঁচা কাৰ্যসূচী বিদ্যাপুৰৰ ৰচীগাঁৱত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। উক্ত অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াও উপস্থিত থাকিব।
0 Response to "বঙাইগাঁৱত ৮৫ হেক্টৰ ভূমিত কমিউনিটি নাৰ্চাৰী "
Post a Comment