বঙাইগাঁও জিলাৰ 'কায়াকল্প' বঁটাপ্ৰাপ্ত দহখন বিভিন্ন পৰ্যায়ৰ হাস্পতালৰ বিষয়ববীয়াক উপায়ুক্তৰ সম্বৰ্ধনা
🔯বঙাইগাঁও জিলাৰ 'কায়াকল্প' বঁটাপ্ৰাপ্ত দহখন বিভিন্ন পৰ্যায়ৰ হাস্পতালৰ বিষয়ববীয়াক উপায়ুক্তৰ সম্বৰ্ধনা📝বঙাইগাঁওঃ২৩ জুলাইঃ ২০২১ বৰ্ষৰ কায়াকল্প বঁটাৰ শিতানত বঙাইগাঁও জিলাৰ কেবাখনো বিভিন্ন পৰ্যায়ৰ হাস্পতালে স্থান দখল কৰিবলৈ সক্ষম হৈছে। হাস্পতাল হিচাপে থাকিবলগীয়া সা-সুবিধা, ৰোগীয়ে পোৱা চিকিৎসাৰ মানদণ্ড আদিৰ দৃষ্টিৰে জিলা চিকিৎসালয়, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আদি হাস্পতালসমূহক সুকীয়া সুকীয়াকৈ মূল্যায়ণ কৰি কায়াকল্প বঁটা প্ৰদান কৰা হৈছে। বঙাইগাঁও জিলাৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়, অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ,মাণিকপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, লেংটিছিঙা, সিদলসতী, ছিপনছিলা, বিষ্ণুপুৰ, কীৰ্তনপাৰা আৰু পাতিলাদহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ভাওলাগুৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰই কায়াকল্প বঁটা পাবলৈ সক্ষম হৈছে। এই খবৰে উৎফুল্লিত কৰিছে জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ লগতে জিলা প্ৰশাসন তথা বঙাইগাঁওবাসীক। সেয়েহে জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই আজি বিয়লি স্বাস্থ্য কেন্দ্ৰসমূহৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সভাৰ আয়োজন কৰে।
সম্বৰ্ধনা জনাই উপায়ুক্তগৰাকীয়ে কয় যে পুৰস্কাৰ পোৱাৰ পিছত হাস্পতালসমূহৰ আৰু বেছি দায়িত্ব বাঢ়িল।কিয়নো ৰোগীয়ে হাস্পতালসমূহৰ পৰা আৰু বেছি উন্নত সেৱা আশা কৰিব। তদুপৰি হাস্পতালসমূহে বঁটাৰ অধীনত পোৱা টকাখিনি সদব্যৱহাৰ কৰিবলৈও তেওঁ আহ্বান জনায়।লগতে উপায়ুক্তগৰাকীয়ে কয় যে এতিয়া বঙাইগাঁও জিলাৰ হাস্পতালসমূহে কায়াকল্প বঁটাতকৈ শ্ৰেষ্ঠ 'লক্ষ্য' বঁটা পোৱাৰ বাবে আগবাঢ়িব লাগিব।গতিকে চিকিৎসকসকলে আৰু বেছি গুৰুত্বসহকাৰে কাম কৰিব লাগিব।বঁটাপ্ৰাপ্ত হাস্পতালসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে সভাত বঁটা পাই নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰে।সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, জিলা আঁচনি প্ৰৱন্ধক আনন্দ শৰ্মাকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ৷🔯

0 Response to "বঙাইগাঁও জিলাৰ 'কায়াকল্প' বঁটাপ্ৰাপ্ত দহখন বিভিন্ন পৰ্যায়ৰ হাস্পতালৰ বিষয়ববীয়াক উপায়ুক্তৰ সম্বৰ্ধনা"
Post a Comment