📝বঙাইগাঁওঃ ২৭ জুলাইঃ বাৰ্মিজ চুপাৰিৰ অবৈধ চোৰাং বেহাৰ সৈতে জড়িত এক গোচৰত বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অন্যতম নায়ক আব্দুল হান্নান আলী ওৰফে বাবলুক অৱশেষত সোমবাৰে নিশা জেললৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সহযোগত যোৱা ১৮ জুলাইৰ নিশা গোলাঘাটৰ পৰা আব্দুল হান্নান আলী ওৰফে বাবলুক বঙাইগাঁও সদৰ থানাত পঞ্জীয়নভুক্ত ৪৬০/২১ নং গোচৰৰ তদন্তৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল আৰু বঙাইগাঁওলৈ লৈ আহিছিল ৷ ইয়াৰ মাজতে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ২০ জুলাইৰ নিশা অভিযুক্ত বাবলু গুলীবিদ্ধ হৈ আহত হৈছিল ৷ প্ৰথমে আহত বাবলুক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু সোমবাৰে হাস্পতাল কৰ্তৃপক্ষই বাবলুক বঙাইগাঁওলৈ লৈ যাবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰি হাস্পতালৰ পৰা মুকলি কৰি দিয়ে ৷ পিছত বঙাইগাঁও আৰক্ষীয়ে অভিযুক্ত বাবলুক বঙাইগাঁও থানালৈ আনে আৰু নিশাই বঙাইগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে অভিযুক্ত বাবলু গুলীবিদ্ধ হোৱা ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাতহে বাধা প্ৰদান কৰিবলৈ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল বুলি সদৰি কৰিছিল ৷ এই ঘটনাত দুজনকৈ আৰক্ষীৰ লোকো আহত হৈছিল ৷ আৰক্ষীয়ে অভিযুক্ত বাবলুক তদন্তৰ বাবে জিলাখনৰ চৌৰাগুৰীলৈ নিয়াৰ পিছত ঘূৰি অহাৰ সময়ত চাপৰাকাটাৰ পাঞ্জাৱী ধাবাৰ সন্মুখত গাড়ী ৰখাই নিশাৰ খোৱা বস্তু পেকেজিঙৰ অৰ্ডাৰ দিয়াৰ সময়তে এই ঘটনা সংঘটিত হৈছিল ৷ মন কৰিবলগীয়া যে ৰাজ্যত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা, গৰুৰ চিণ্ডিকেট, ড্ৰাগছৰ বেহা আদি দীৰ্ঘদিন ধৰি চলি অহাৰ পিছতো এনে কাৰ্য বন্ধ কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল ৰাইজৰ ৷ কিন্তু ৰাজ্যৰ নতুন চৰকাৰখনৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে চুপাৰি , গৰু ,কয়লা আদিৰ চিণ্ডিকেটৰ লগতে ড্ৰাগছ , চুলাই মদ আদিৰ বেহা বন্ধ কৰাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী বিভাগ উঠি পৰি লাগে ৷ ৰাজ্যৰ বিভিন্ন জিলাত এইবোৰৰ বিৰুদ্ধে আৰম্ভ হয় অভিযান ৷ বঙাইগাঁও জিলাতো অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে ৷ এই অবৈধ বাৰ্মিজ চুপাৰিৰ বেহাৰ গোচৰতে আব্দুল হান্নান আলী ওৰফে বাবলুক বঙাইগাঁও আৰক্ষীয়েে গ্ৰেপ্তাৰ কৰিছিল ৷ কেৱল বঙাইগাঁও জিলাতে অবৈধ বাৰ্মিজ চুপাৰি জব্দ হোৱা নাই ৷ বিভিন্ন জিলাতো আৰক্ষীয়ে জব্দ কৰিছিল ৷ সেয়ে এই অবৈধ বেহাৰ লগত জড়িত মূল নায়কসকল গ্ৰেপ্তাৰ হ'ল নে ? নে কেৱল এজন বাবলুক গ্ৰেপ্তাৰ কৰিয়ে আৰক্ষীয়ে দায়িত্ব সামৰিলে সেয়াহে বিচাৰ্যৰ বিষয় ৷ কাৰণ অভিযুক্ত বাবলুই সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলিহে দাবী কৰিছে ৷ গতিকে দীৰ্ঘদিন ধৰি চলি থকা এই অবৈধ বেহাৰ সৈতে নিশ্চয় আন ব্যক্তিও জড়িত আছে ৷ সেয়ে কেৱল পুঠি, খলিহনাক গ্ৰেপ্তাৰ কৰিলেই এনে অবৈধ বেহা বন্ধ নহয় ৷ বন্ধ কৰিবলৈ হলে মূল নায়কসকলক গ্ৰেপ্তাৰ কৰিব লাগিব বুলিহে সচেতন মহলে মন্তব্য কৰিছে ৷🔯
0 Response to "অবৈধ বাৰ্মিজ চুপাৰিৰ বেহা প্ৰসংগঃ বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আব্দুল হান্নান আলী ওৰফে বাবলুক জেললৈ প্ৰেৰণ "
Post a Comment