🔯বঙাইগাঁও জিলাত নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত
Sunday, July 18, 2021
Comment
📝বঙাইগাঁওঃ ১৮ জুলাইঃ বঙাইগাঁও জিলাত দেওবাৰৰ দিনটোত নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ২৭ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ২০৯ জন সক্ৰিয় ৰোগী আছে ৷ ইয়াৰ ভিতৰত ১৪৮ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৬১ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে দেওবাৰে জিলাখনত মুঠ ২,৮৫৮ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৮ জুলাই লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৪২৫ জন হৈছে 🔯৷
0 Response to "🔯বঙাইগাঁও জিলাত নতুনকৈ ২৫ জন ব্যক্তি ক'ভিডত আক্ৰান্ত "
Post a Comment