🔯বঙাইগাঁও জিলাত নতুনকৈ ২৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত
Saturday, July 17, 2021
Comment
📝বঙাইগাঁওঃ ১৭ জুলাইঃ বঙাইগাঁও জিলাত শনিবাৰৰ দিনটোত নতুনকৈ ২৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ৯ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ২৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২০১ জন হৈছে ৷ ইয়াৰ ভিতৰত ১৪৪ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে শনিবাৰে জিলাখনত মুঠ ৪,৫২৪ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৭ জুলাই লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৪০০ জন হৈছে ৷ 🔯
0 Response to "🔯বঙাইগাঁও জিলাত নতুনকৈ ২৮ জন ব্যক্তি ক'ভিডত আক্ৰান্ত "
Post a Comment