বঙাইগাঁৱত ক'লা মানুহৰ উৰাবাতৰি
Sunday, July 25, 2021
Comment
নেতৃস্থানীয় লোকৰ সৈতে জিলা উপায়ুক্তৰ সজাগতা সভা
📝বঙাইগাঁওঃ ২৫ জুলাইঃ আজি কিছুদিন ধৰি বঙাইগাঁও জিলাৰ বইটামাৰী, সৃজনগ্ৰাম,পালপাৰা, নতুনপাৰা আদি ঠাইত ক'লা মানুহৰ বাতৰি বিয়পি পৰা সন্দৰ্ভত জিলা প্ৰশাসনে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। বইটামাৰী, সৃজনগ্ৰাম আদি ঠাইত স্থানীয় লোকৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ পৰ্যায়ত ইতিমধ্যে সভা অনুষ্ঠিত কৰা হৈছে। এই সন্দৰ্ভত দেওবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া , সংবাদ মাধ্যমৰ লোক তথা নেতৃস্থানীয় লোকৰ সৈতে এক বিশেষ আলোচনা সভাত মিলিত হয়। সভাত বইটামাৰী, লেংটিছিঙা, মালেগড়, ৰৌমাৰী, হৰিপুৰ, পীৰাধৰা, বাতাবাৰী, দেওহাটী, চেদামাৰী, ৰাঙাপানী, অভয়াপুৰী চহৰ আদি ঠাইৰ পৰা উপস্থিত থকা গাঁওৰক্ষী বাহিনী আৰু গাঁও-পঞ্চায়তৰ সভাপতি আদি নেতৃস্থানীয় কেবাগৰাকীও লোকে ক'লা মানুহ সন্দৰ্ভত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। তেওঁলোকে কোৱা অনুসৰি কোনেও আজিলৈকে কোনো ক'লা মানুহ দেখা নাই। গাঁওৰক্ষী বাহিনীৰ লোকেও নিজৰ বক্তব্য দাঙি ধৰে যে তেওঁলোকে নিয়মিত পহৰা দি আছে আৰু এতিয়ালৈকে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। সংবাদ মাধ্যমৰ কেবাগৰাকীও লোকে কয় যে পহৰা দিয়া লোকসকলে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।


0 Response to "বঙাইগাঁৱত ক'লা মানুহৰ উৰাবাতৰি "
Post a Comment