অভয়াপুৰীৰ মাতৃ- পুত্ৰ সন্ধানহীন
Friday, July 2, 2021
Comment
বঙাইগাঁওঃ ২ জুলাই : বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱৰ লক্ষী ৰাজবংশী(২২) আৰু তেওঁৰ পুত্ৰ জীৎ মণ্ডল (৪) যোৱা ২৭ জুনৰ পৰা নিজ ঘৰৰ পৰাই সন্ধানহীন হৈ আছে ৷ মহিলাগৰাকী উক্ত গাঁৱৰ ৰঞ্জিত ৰাজবংশীৰ কন্যা। মহিলাগৰাকীৰ উচ্চতা ৪ ফুট ৬ ইঞ্চি আৰু দেখিবলৈ ধুনীয়া। সন্ধানহীন হোৱাৰ সময়ত লক্ষী ৰাজবংশী নীলা ৰঙৰ চেলোৱাৰ পৰিধান কৰি আছিল। আনহাতে. পুত্ৰৰ উচ্চতা প্ৰায় ২ ফুট ৬ ইঞ্চি ৷ কোনোলোকে মহিলাগৰাকীৰ লগতে তেওঁৰ দুবছৰীয়া সন্তানটিৰ যদি কোনো সন্ধান পায় তেতিয়াহ'লে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সহায়ক কক্ষৰ ৯৪৩৫৭৩৬১১১ নাইবা ০৩৬৬৪-২৩০৮৯৮ ফোন নম্বৰত জনাবলৈ অনুৰোধ জনোৱা হৈছে।
0 Response to "অভয়াপুৰীৰ মাতৃ- পুত্ৰ সন্ধানহীন"
Post a Comment