-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বইটামাৰীৰ কায়েথপাৰাত পুখুৰীৰ পানীত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

বইটামাৰীৰ কায়েথপাৰাত পুখুৰীৰ পানীত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

📝বঙাইগাঁওঃ ৮ জুলাইঃ বৃহস্পতিবাৰে বঙাইগাওঁ জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত  কায়েথপাৰাৰ পুখুৰী এটাত এজন শিক্ষকৰ মৃতদেহ উদ্ধাৰ হয় । মৃত শিক্ষকজনৰ নাম সনৎ কুমাৰ বৰ্মন বুলি জানিব পৰা গৈছে । শিক্ষকজনৰ মৃতদেহটো নিজ ঘৰৰ পুখুৰীতে উদ্ধাৰ হৈছে । উল্লেখ্য যে  সনৎ কুমাৰ বৰ্মনে দক্ষিণ বইটামাৰী আঞ্চলিক হাইস্কুলত দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি আছিল   । বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ব্যক্তিয়ে পুখুৰীটোৰ কাষৰ কালভাৰ্টত মোবাইল আৰু চেণ্ডেল দেখা পাই সন্দেহ ওপজাত শিক্ষকজনৰ ঘৰত খৱৰ দিয়ে ৷ পিছত বহুত বিচাৰ খোচাৰ কৰাৰ অন্তত বিয়লিৰ ভাগত বইটামাৰী আৰক্ষীৰ উপস্থিতিত স্থানীয় ৰাইজে শিক্ষকগৰাকীক পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে । শিক্ষকগৰাকী কেনেদৰে পুখুৰীত পৰি মৃত্যু ঘটিলে সেয়া অদ্যপি জানিব পৰা হোৱা নাই । সম্প্ৰতি ব্যক্তিগৰাকীৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰিছে বইটামাৰী আৰক্ষীয়ে । ঘটনাটোৱে  সমগ্ৰ বইটামাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ।🔯

0 Response to "বইটামাৰীৰ কায়েথপাৰাত পুখুৰীৰ পানীত উদ্ধাৰ শিক্ষকৰ মৃতদেহ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article