-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
■চিৰাং জিলাৰ বিজনী কাছদহাত গৃহৰক্ষী জোৱানক হত্যা

■চিৰাং জিলাৰ বিজনী কাছদহাত গৃহৰক্ষী জোৱানক হত্যা

■তিনিজনক আটক 
●বঙাইগাঁও, ৭ জুলাইঃ চিৰাং জিলাৰ বিজনী থানাৰ কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱান এজনক মঙলবাৰে অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যা কৰে । দক্ষিণ কাছদহা নিবাসী তথা বিজনী থানাত কৰ্তব্যৰত মৃত গৃহৰক্ষী জোৱান জনৰ নাম ৱাহেদ আলী (৩৫)। কালি নিশা ১১ বজা মানত বিজনী থানাৰ পৰা নিজৰ কৰ্তব্য সামৰি চাইকেলেৰে নিজ গৃহাভিমুখে গৈ থাকোঁতে অজ্ঞাত দুৰ্বৃত্তই বাট আগচি ধৰি উপৰ্যুপুৰি ঘপিয়াই হত্যা কৰে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ পাছতে ঘটনাস্থলীত চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়,  অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী আৰু বিজনী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। 


চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এয়া পৰিয়ালকেন্দ্ৰীক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ উপস্থিত হৈ ঘটনাটোৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক অতিশীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনায় ৷ ইপিনে উক্ত ঘটনাৰ সতে জড়িত দোষী লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি দুপৰীয়া ভাগত আৰক্ষীয়ে গৃহৰক্ষী জোৱান জনৰ হত্যাকাণ্ডৰ সতে জড়িত বুলি সন্দেহ কৰি তিনিজন লোকক সোধা পোচাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে  ৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে ধৃত লোক সকলৰ বিতং তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷■

0 Response to "■চিৰাং জিলাৰ বিজনী কাছদহাত গৃহৰক্ষী জোৱানক হত্যা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article