বঙাইগাঁৱত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ
Saturday, January 15, 2022
Comment
🔯এদিনতে আক্ৰান্ত ৫১ গৰাকী ব্যক্তি
📝বঙাইগাঁওঃ ১৫ জানুৱাৰীঃ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাটো হঠাতে ব্যাপক হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ৷ ইতিমধ্যে জিলাখনত আক্ৰান্তৰ সংখ্যা দুই শতাধিক হৈছে ৷ জিলাখনত শুকুৰবাৰে নতুনকৈ ৩০ গৰাকী লোকৰ দেহত কোভিড - ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত শনিবাৰে পুনৰ ৫১ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান কোভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৪৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্তসকলৰ ভিতৰত ২১ গৰাকী ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ২২৮ গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২৯ গৰাকীকৈ ৰোগী ৷ উল্লেখ্য যে শনিবাৰে জিলাখনত মুঠ ১,৪৮৬ গৰাকী ব্যক্তিক কোভিড পৰীক্ষা কৰা হয় ৷ জিলাখনত চলিত ১ জানুৱাৰীৰ পৰা শনিবাৰলৈ কোভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা হ'ল ৩০৬ গৰাকী ৷🔯
0 Response to "বঙাইগাঁৱত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ"
Post a Comment