-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
আজি বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি

আজি বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি

🔯অনুষ্ঠিত হ'ব জিলা সমিতিৰ দ্বি- বাৰ্ষিক অধিৱেশনো 

📝বঙাইগাঁওঃ ১৫ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ উদ্যোগত কাইলৈ এদিনীয়া কাৰ্যসূচীৰে ৫১২ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তীৰ লগতে বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলীৰ ১৬ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব ৷ অনুষ্ঠানসমূহ বঙাইগাঁও গান্ধী ময়দান আৰু বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হ'ব ৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনৰ সভাপতি হিতেশ সিংহই জিলা সমিতিৰ পতাকা, কেন্দ্ৰীয় সমিতিৰ সভাপতি কিশোৰজ্যোতি ৰায়ে বিশ্বমহাবীৰ চিলাৰায়ৰ বিজয় পতাকা, অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰেশ ৰায়ে অভ্যৰ্থনা সমিতিৰ পতাকা আৰু সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ যুটীয়া সম্পাদিকা পূৰ্ণিমা চৌধুৰীয়ে মহিলা সন্মিলনীৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৷ ইয়াৰ পিচতে শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত সিংহই আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰিব কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দীপেন ৰায়ে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী জনগোষ্ঠীয় কলা কৃষ্টিও প্ৰদৰ্শিত হ'ব আৰু মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷ দিনৰ ১ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু ২ বজাৰ পৰা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব ৷ আবেলি ৩ বজাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিশোৰজ্যোতি ৰায়ৰ সভাপতিত্বত  প্ৰতিনিধি সভা  অনুষ্ঠিত হ'ব ৷ সন্ধিয়া ৬ বজাত ৫১২ গছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জিলা সমিতিৰ উপ সভাপতি দেবেন দাসে শুভাৰম্ভ কৰিব ৷🔯

0 Response to "আজি বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article