বঙাইগাঁও পৌৰসভাত ৭৪.৩২ শতাংশ ভোটদান
Sunday, March 6, 2022
Comment
📝বঙাইগাঁও ৬ মাৰ্চঃ বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত ২৪ ৱাৰ্ডৰ মুঠ ৪৩ টা ভোট গ্ৰহণ কেন্দ্ৰত আজি পুৱাৰে পৰা অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত মুঠ ৭৪.৩২ শতাংশ ভোটদান হয় ৷ দুই এটা সৰু - সুৰা অভিযোগ - প্ৰত্যাভিযোগক তথা ঘটনাক বাদ দি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ৷ দুই তিনিটা মান ৱাৰ্ডৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ভোটাৰ অধিক হোৱাৰ বাবে কিছু দেৰিলৈকে চলে ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিচত প্ৰিজাইডিং আৰু পুলিং বষয়াসকলে নিৰাপত্তাৰক্ষীসহ ভোটিং মেচিনসমূহ গান্ধী ময়দানলৈ আনি পৌৰসভা নিৰ্বাচনৰ কেন্দ্ৰত থকা বিষয়াৰ হাতত জমা দিয়ে ৷ ইয়াৰ পৰা ভোটিং মেচিনসমূহ ষ্ট্ৰোং ৰূমত জমা থোৱা হ'ব ৷ উল্লেখ্য যে পৌৰসভা এলেকাৰ মুঠ ৩৯,৪৪৩ গৰাকী ভোটাৰে ৯ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাত নিৰ্ণয় কৰিব ৭২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷🔯
0 Response to "বঙাইগাঁও পৌৰসভাত ৭৪.৩২ শতাংশ ভোটদান"
Post a Comment