-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত ল'ৰা আৰু ছোৱালীৰ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা🔯

বঙাইগাঁৱত ল'ৰা আৰু ছোৱালীৰ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা🔯

🔯ল'ৰা শাখাত লাকু - ৯ আৰু ছোৱালী শাখাত ডাংতলা দল চূড়ান্ত বিজয়ী🔯

📝বঙাইগাঁওঃ ১৪ মাৰ্চঃ বঙাইগাঁৱৰ ডাংতলা ভলীবল ক্ৰীড়া সন্থাৰ উদ্যোগত দুনীয়াকৈ আয়োজিত ল'ৰা আৰু ছোৱালীৰ প্ৰাইজমাণি দিবা - নৈশ ভলীবল প্ৰতিযোগিতাখনৰ যোৱা নিশা সামৰণি পৰে ৷ নিউ বঙাইগাঁও চেট্ৰেল কলনী খেল পথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১২ মাৰ্চৰ প্ৰথম দিনা ছোৱালী শাখাৰ খেল অনুষ্ঠিত হয় ৷ বিভিন্ন ঠাইৰ ৬ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ডাংতলা ছোৱালী ভলীবল দল চূড়ান্ত বিজয়ী হোৱাৰ বিপৰীতে পাঠশালা ছোৱালী দল বিজেতা হয় ৷ ডাংতলা ভলীবল দলৰ প্ৰাৰ্থনা গগৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷ পুৰস্কাৰ হিচাপে বিজয়ী আৰু বিজেতা দলক নগদ ৬০০০ টকা আৰু ৪০০০ টকাৰ লগতে ট্ৰফী প্ৰদান কৰা হয় ৷ আনহাতে ১৩ মাৰ্চত অনুষ্ঠিত হয় ল'ৰা শাখাৰ ভলীবল খেল ৷  ৭ টা দলে অংশগ্ৰহণ কৰা ল'ৰা শাখাৰ ভলীবল প্ৰতিযোগিতাখনত সৰভোগৰ লাকু - ৯ দল চূড়ান্ত বিজয়ী হোৱাৰ বিপৰীতে বইটামাৰী আমগুৰী দলে বিজেতাৰ সন্মান লাভ কৰে ৷ প্ৰতিযোগিতাখনত লাকু - ৯ দলৰ ধনজিৎ দাসে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷ ল'ৰা শাখাৰ বিজয়ী আৰু বিজেতা দলক পুৰস্কাৰ হিচাপে ক্ৰমে নগদ ১২০০০ টকা আৰু ৭০০০ টকাৰ লগতে ট্ৰফী প্ৰদান কৰা হয় ৷ ল'ৰা শাখাৰ প্ৰতিযোগিতাৰ উদ্বোধনী খেলন বঙাইগাঁৱৰ বিশিষ্ট চিকিৎসক ইতেশ বৰদলৈয়ে উদ্বোধন কৰে ৷🔯

0 Response to "বঙাইগাঁৱত ল'ৰা আৰু ছোৱালীৰ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article