বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি🔯
Tuesday, March 15, 2022
Comment
🔯পৰীক্ষাগৃহৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৫ জনতকৈ অধিক লোক নোৱাৰিব সমবেত হ'ব🔯
📝বঙাইগাঁওঃ ১৫ মাৰ্চঃ বঙাইগাঁও জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী স্থানত অকৰ্তৃত্বশীল লোকে ভিৰ কৰা আৰু পৰীক্ষাৰ্থীসকল তথা পৰীক্ষাত কৰ্তব্যৰত লোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰাৰ আশংকা কৰি বঙাইগাঁও জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্যামল ক্ষেত্ৰ গগৈয়ে এক নিৰ্দেশনামৰ্মে সমগ্ৰ জিলাখনতে ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি উক্ত পৰীক্ষাগৃহসমূহৰ ভিতৰলৈ মোবাইল ফোন, আন ইলেকট্ৰনিক সামগ্ৰী বা সন্দেহজনক সামগ্ৰী পৰীক্ষাৰ্থীসকলে নিব নোৱাৰিব। পৰীক্ষাৰ্থী বা ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা বিধিগতভাৱে কৰ্তব্যত নিযুক্ত কৰা লোকৰ বাহিৰে আন কোনো অকৰ্তৃত্বশীল ব্যক্তিয়ে পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাগৃহৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৫ জনতকৈ অধিক লোকে সমবেত হ'ব নোৱাৰিব। কোনোৱে পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী স্থানত মাইক বা অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাসমূহ সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ হ'ব আৰু পৰীক্ষা শেষ হোৱাৰ পিছলৈ বা ৬০ দিন পিছলৈ(যিটো আগত হয়) এই নিষেধাজ্ঞাসমূহ বাহাল থাকিব।🔯
0 Response to "বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি🔯 "
Post a Comment