-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰমেশ ৰায়ৰ বিয়োগ🔯

আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰমেশ ৰায়ৰ বিয়োগ🔯

🔯কোচ ৰাজবংশী জাতীয় পৰিষদৰ শোক প্ৰকাশ🔯

📝বঙাইগাঁও ২২ মাৰ্চ: ধুবুৰী জিলাৰ গোলকগঞ্জ নিবাসী একালৰ সংগ্ৰামী সতীৰ্থ তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰমেশ ৰায়ৰ অকাল মৃত্যুত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু শুভাকাংক্ষী সকললৈ সমবেদনা জ্ঞাপন কৰিছে ৷ এক প্ৰেছ বিবৃতিত সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে প্ৰমেশ ৰায়ৰ মৃত্যুত কোচ ৰাজবংশী জনগোষ্ঠীয়ে এগৰাকী সংগ্ৰামী যোদ্ধাক হেৰুৱালে বুলি উল্লেখ কৰি কোচ ৰাজবংশী জাতীয় পৰিষদে প্ৰমেশ ৰায়ৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি কাইলৈ এগছি বন্তি প্ৰজ্বালন কৰাৰ লগতে একসপ্তাহ ধৰি পৰিষদৰ পতাকা অৰ্দ্ধনমিত কৰি ৰাখিব বুলিও প্ৰকাশ কপিছে ৷ কোচ ৰাজবংশী জাতীয় পৰিষদে বিবৃতিটোত লগতে প্ৰমেশ ৰায় আৰু চিৰাং জিলাৰ ছাতিপুৰ নিবাসী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপ সভাপতি সদ্য প্ৰয়াত ফণীন্দ্ৰ সিংহৰ সংগ্ৰামক সন্মান জনাই দুযোগৰাকী নেতাকে জাতীয় শ্বহীদ ঘোষণা কৰিবলৈকো সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাক আহ্বান জনাইছে ৷  লগতে অসম চৰকাৰ তথা কেএচি পৰিষদক প্ৰমেশ ৰায়ৰ পৰিয়াললৈ দহ (১০) লাখ টকা আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ দাবী জনাইছে 🔯৷

0 Response to "আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰমেশ ৰায়ৰ বিয়োগ🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article