বিজেপি - অগপই মিলিজুলি গঠন কৰিব বঙাইগাঁও পৌৰসভা🔯
Monday, April 11, 2022
Comment
🔯কাইলৈ অনুষ্ঠিত হ'ব পৌৰসভাৰ প্ৰথম বৈঠক🔯
🔯পৌৰপতিৰ পদত বিজেপিৰ সুবোধ চন্দ্ৰ দাসৰ নাম ঘোষণা🔯
🔯উপ পৌৰপতিৰ আসনত বহিব অগপৰ শৈলেন্দ্ৰ সৰকাৰ🔯
🔯অভয়াপুৰী পৌৰসভাৰ পৌৰপতি - উপ পৌৰপতিৰো নাম ঘোষণা বিজেপিৰ🔯
📝বঙাইগাঁওঃ ১১ এপ্ৰিলঃ অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই কাইলৈ গঠন হ'ব বঙাইগাঁও পৌৰসভা ৷ বিজেপি আৰু অগপ দলে মিলি গঠন কৰিব পৌৰসভাখন ৷ উল্লেখ্য যে বিজেপি আৰু অগপ দলে পৃথকে পৃথকে পৌৰসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও পৌৰসভাখন একেলগে মিলি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি গঠনৰ দিশে আগবাঢ়িছে ৷ পৌৰসভাত বিজেপি - অগপৰ মিত্ৰতাৰ ফলত পৌৰপতিৰ আসনত বিজেপি দলৰ নিৰ্বাচিত প্ৰাৰ্থী আৰু উপ পৌৰপতিৰ আসনত অগপ দলৰ প্ৰাৰ্থীক দল দুটাই বহুৱাব ৷
মনকৰিবলগীয়া যে হৈ যোৱা বঙাইগাঁও পৌৰসভা নিৰ্বাচনত ২৫ টা ৱাৰ্ডৰ ভিতৰত এককভাৱে ১৩ টা ৱাৰ্ড দখল কৰি বিজেপি দলে সংখ্যা গৰিষ্ঠতা লাভ কৰাত বঙাইগাঁও পৌৰসভাখন অকলেই গঠন কৰিব বুলি চৰ্চা চলিছিল যদিও দলটোৰ ৰাজ্যিক নেতৃত্বই দিয়া নিৰ্দেশমৰ্মে অৱশেষত বিজেপি দলে অগপৰে মিলিজুলি পৌৰসভাখন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ লগে লগে যেন পৌৰসভা নিৰ্বাচনত দুই দলে পৰস্পৰে পৰস্পৰক কৰা আক্ৰমণ তথা প্ৰত্যাক্ৰমণো অতীত হ'ল ৷ লগতে এমাহৰো অধিকজোৰা পৌৰসভা গঠনৰ অপেক্ষাৰো অৱসান ঘটিল ৷ শেহতীয়া নিৰ্বাচনত ২৫ টা ৱাৰ্ডৰে গঠিত বঙাইগাঁও পৌৰসভাত বিজেপিয়ে ১৩ টা , অগপই ১১ টা আৰু কংগ্ৰেছে ১ টা ৱাৰ্ড দখল কৰিছিল ৷ ইপিনে পৌৰসভাৰ পৌৰপতি হিচাপে আজি বিজেপি দলৰ সভানেত্ৰী তথা দলীয় বিষয়ববীয়াৰ সৈতে সুবোধ চন্দ্ৰ দাসে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়াৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ সেইদৰে অগপৰ তৰফৰ পৰা উপ পৌৰপতি হিচাপে শৈলেন্দ্ৰ সৰকাৰৰ হৈ দলীয় বিষয়বীবীয়াই মনোনয়ন পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে বঙাইগাঁও পৌৰসভা বিজেপি আৰু অগপই মিলিজুলি গঠন কৰিলেও অভয়াপুৰী পৌৰসভাখন বিজেপি দলে অকলেই গঠন কৰিব ৷🔯


0 Response to "বিজেপি - অগপই মিলিজুলি গঠন কৰিব বঙাইগাঁও পৌৰসভা🔯"
Post a Comment