বঙাইগাঁও প্ৰেছ ক্লাবত ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ🔯
Tuesday, May 17, 2022
Comment
📝বঙাইগাঁওঃ ১৭ মে’: আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যু দিৱসৰ দিনা বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিকগৰাকীক স্মৰণ কৰা হয় ৷ এই উপলক্ষে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই প্ৰয়াত সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মীগৰাকীৰ প্ৰতিচ্ছবিত প্ৰথমে শ্ৰদ্ধাঞ্জলি জনায় ৷ ইয়াৰ পিচতে প্ৰেছ ক্লাবৰ উপদেষ্টা তেজেশ ত্ৰিপাঠী, সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাসহ আন সদস্যকলে ছহিদ সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ ইপিনে প্ৰয়াত সাংবাদিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই কয় যে ১৯৯৬ চনৰ আজিৰ দিনটোতে আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসে আততায়ীৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল৷ কিন্ত আজি অত বছৰেও সাংবাদিক গৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰতো দূৰৰ কথা হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰিলে ৷ এয়া অসমৰ সাংবাদিকৰ কাৰণে দূৰ্ভাগ্যজনক ৷ অসম আৰু অসমীয়াক ভালপোৱা অকল পৰাগ কুমাৰ দাসেই নহয় বহু সাংবাদিকক হত্যা কৰা হ’ল৷এগৰাকীও সাংবাদিকৰ হত্যাকাৰী আজিলৈ চিনাক্ত নহ’ল৷ আজি আমি পৰাগ দাসক সোঁৱৰিছো৷আমাৰ দুখ লাগে যে প্ৰতিবছৰে আমি তেওঁক কেৱল সোঁৱৰিছো৷ কিন্তু আমি আজিলৈকে ন্যায় নাপালোঁ৷🔯
0 Response to " বঙাইগাঁও প্ৰেছ ক্লাবত ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ🔯"
Post a Comment