বঙাইগাঁৱৰ নৃত্যশিল্পী অভিষেক দাসক ভাৰত নাট্যম নৃত্যৰ 'বি' গ্ৰেডৰ স্বীকৃতি
Saturday, November 11, 2023
Comment
🔯News4Bongaigaon: ১০ নৱেম্বৰঃ দক্ষিণ ভাৰতৰ ভাৰত নাট্যম নৃত্যৰ ওপৰত অলপতে গুৱাহাটী দূৰদর্শন কেন্দ্রই প্রদান কৰা ভাৰত নাট্যম নৃত্যৰ 'বি' গ্ৰেডৰ স্বীকৃতি লাভ কৰিছে বঙাইগাঁৱৰ নৃত্য শিল্পী অভিষেক দাসে । শিল্পী অভিষেক দাসৰ এই স্বীকৃতিয়ে বঙাইগাঁও তথা অসমৰ ভাৰত নাট্যম নৃত্যৰ প্ৰতি আগ্ৰহী সকলক এক অনুপ্ৰেৰণা যোগাইছে । জানিব পৰা মতে শিল্পী অভিষেক দাসেই জিলাখনৰ প্ৰথম গৰাকী শিল্পী যিয়ে দক্ষিণ ভাৰতৰ ভাৰত নাট্যম নৃত্যত গুৱাহাটী দূৰদৰ্শনত হৈ যোৱা 'বি' গ্ৰেডৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে বঙাইগাঁও জিলাৰ অন্তৰ্গত শালবাৰীৰ বাসিন্দা চঞ্চল কুমাৰ দাস আৰু কংকা দাসৰ একমাত্ৰ পুত্ৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা ভাৰত নাট্যম নৃত্যত বি গ্ৰেডৰ শিল্পী ৰূপে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অভিষেক দাসে কলকাতাৰ সংগীত নাটক একাডেমী বঁটা বিজয়ী গুৰু ডঃ থানকামণি কুট্টিৰ পৰা ভাৰত নাট্যম নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছে । তেওঁ বিগত ১১ বছৰ ধৰি নটৰাজন ডান্স একাডেমী আৰু গৱেষণা কেন্দ্ৰ নামৰ এটি নৃত্য প্ৰতিষ্ঠান স্থাপন কৰি বঙাইগাঁও তথা অসমৰ বিভিন্ন স্থানত নৃত্যৰ শিক্ষা প্ৰদান কৰি আহিছে ।তেঁৱৰ তত্বাৱধানত ভাৰত নাট্যম নৃত্য শিক্ষা লাভ কৰি বঙাইগাঁও জিলাৰ কেইগৰাকী ছাত্র-ছাত্ৰীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আয়োজিত ৰাষ্ট্ৰীয় বৃত্তি পাবলৈ সক্ষম হৈছে। লক্ষ্যণীয় যে তেওঁ অসমৰ বিভিন্ন জিলা ,ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও বিদেশত এজন আমন্ত্ৰিত শিল্পী হিচাবে ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। শিল্পী গৰাকীৰ এই সফলতাই সাংস্কৃতিক শিল্পীসকলক আপ্লুত কৰি তুলিছে ।🔯
0 Response to "বঙাইগাঁৱৰ নৃত্যশিল্পী অভিষেক দাসক ভাৰত নাট্যম নৃত্যৰ 'বি' গ্ৰেডৰ স্বীকৃতি "
Post a Comment