-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ খগৰপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰ মুকলি

বঙাইগাঁৱৰ খগৰপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰ মুকলি


🔯News4Bongaigaon:১১ নৱেম্বৰ : ভাৰত চৰকাৰৰ নেক্টাৰ ( নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেচন এণ্ড ৰিচ) নামৰ সংস্থাটোৰ অৰ্থ  সাহায্যৰে বঙাইগাঁও জিলাৰ খগৰপুৰত কাঠফুলাৰ আদৰ্শ খেতিয়ক জিষ্ণু ৰাম ৰায়ে স্থাপন কৰা ডাইমন কাঠফুলাৰ বীজ উৎপাদন প্ৰকল্প আৰু লেবৰেটৰীটো আনুষ্ঠানিক ভাবে শনিবাৰে মুকলি কৰা হয় ৷ ভাৰতীয় কৃষক সংঘৰ অসম ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা আৰু কে এ চিৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গোকুল বৰ্মনে ফিটা কাটি ইয়াৰ শুভ উদ্বোধন কৰে ৷ চৰকাৰৰ অৰ্থ সাহায্যৰে স্থাপন হোৱা ৰাজ্যখনৰ প্ৰথমটো কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰটোৰ জৰিয়তে ৰাজ্যৰ দহ হাজাৰতকৈ অধিক কাঠফুলাৰ খেতিয়কে উন্নতমানৰ বীজৰ জৰিয়তে লাভাম্ভিত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয় ৷ সভাত বহুকেইজন বিশিষ্ট ব্যক্তি তথা কৃষি বিজ্ঞানীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰি শিক্ষিত যুৱক- যুৱতী সকলক আগবাঢ়ি আহি কৃষিক্ষেত্ৰত মনোনিৱেশ কৰাৰ বাবে আহ্বান জনায় ৷ 


উল্লেখ্য যে বঙাইগাঁৱৰ উদ্যমী যুৱ কৃষক জিষ্ণু ৰাম ৰায়ৰ কৰ্মৰাজিক সকলোৱে শলাগ লোৱাৰ লগতে কৰ্ম সংস্কৃতিৰে দেশৰ অৰ্থনীতি আগবাঢ়ি যোৱাত সহায়ক হ’ব বুলি কয় ৷ স্বাৱলম্বী ভাৰত অভিযানৰ বঙাইগাঁও জিলা সমন্বয়ক অৰ্জুন বৰ্মনে আঁত ধৰা উক্ত সভাত জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া আৰু জিলা কৃষি বিষয়া গৰাকীও ভাষণ প্ৰদান কৰে ৷একেটা অনুষ্ঠানত বঙাইগাঁও জিলা কৃষি বিষয়া অপল দাস, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী চিন্ময় শৰ্মা, চাপৰৰ শৰৎ চন্দ্ৰ সিংহ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা তথা কাঠফুলা খেতিৰ বিশিষ্ঠ গৱেষক ড° গুণদ্ধ উপমান্য উপস্থিত থাকে ৷ স্মর্তব্য যে বঙাইগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলো ক্ষেত্ৰতে  দিহা পৰামৰ্শ প্রদান কৰি অহাৰ কথা প্ৰকাশ কৰে উদ্যমী যুৱ কৃষক জিষ্ণুৰাম ৰায়ে ৷🔯

0 Response to "বঙাইগাঁৱৰ খগৰপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰ মুকলি "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article