
#সাংবাদিকক তুচ্ছ-তাচ্ছিল্যঃ অসম প্ৰদেশ সাংবাদিক সন্থাৰ গৰিহণা
🔯#ASSAM ৷ #সাংবাদিকক তুচ্ছ-তাচ্ছিল্যঃ অসম প্ৰদেশ সাংবাদিক সন্থাৰ গৰিহণা
#বঙাইগাঁওঃ২৩ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ এগৰাকী সাংবাদিকে কৰা প্ৰশ্ন সন্দৰ্ভত উত্তৰ দিবলৈ গৈ ওলোটাই মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকগৰাকীক তাচ্ছিল্যসূচক মন্তব্য কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে অসম প্ৰদেশ সাংবাদিক সন্থা (আপজু)ই। মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ সাংবাদিক সন্থাৰ (আপজু) কেন্দ্ৰীয় সমিতিৰ সভাপতি কুন্তল কলিতা আৰু সাধাৰণ সম্পাদক চম্পক বৈশ্যই এক প্ৰেছ বিবৃতি যোগে কয় যে ধৰ্মৰ ভিত্তিত সাংবাদিকক উদ্দেশি কৰা মন্তব্য দুৰ্ভাগ্যজনক। ৰাজ্যখনৰ একাংশ ৰাজনৈতিক নেতাই সময়ে সময়ে সাংবাদিকক লক্ষ্য কৰি তুচ্ছ-তাচ্ছিল্য কৰি অহা বিষয়টো আপজুৰ দৃষ্টিগোচৰ হোৱা বুলি উল্লেখ কৰি এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজনৈতিক নেতাসকলক সংযত হ'বলৈ সন্থাই আহ্বান জনাইছে। সন্থাৰ সভাপতি-সাধাৰণ সম্পাদকে কয় যে বিভিন্ন ঘটনা পৰিঘটনাৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰাৰ স্বাৰ্থত সাংবাদিকে প্ৰশ্ন কৰাৰ সময়ত মুখ্যমন্ত্ৰী কিম্বা আন কোনো ৰাজনৈতিক নেতাই সাংবাদিকৰ প্ৰতি অপমানসূচক মন্তব্য কৰাটো কোনোপধ্যে গ্ৰহণ যোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ২১ আগষ্টত সাংবাদিকক কৰা ব্যৱহাৰ অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি সাংবাদিকৰ প্ৰতি কৰা এনে আচৰণত দুখ প্ৰকাশ কৰি গৰিহণা দিছে অসম প্ৰদেশ সাংবাদিক সন্থাই (আপজু)। ভৱিষ্যতে এনে ধৰণৰ অবাঞ্ছিত বিষয়ৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষৰ প্ৰতি সন্থাই আহ্বান জনাইছে।
0 Response to "#সাংবাদিকক তুচ্ছ-তাচ্ছিল্যঃ অসম প্ৰদেশ সাংবাদিক সন্থাৰ গৰিহণা "
Post a Comment