চিৰাঙৰ পতঞ্জলি যোগপীঠত স্বামী ৰামদেৱঃ ৰাইজৰ মাজত আঠ শতাধিক উন্নত প্ৰজাতিৰ গাই গৰু বিতৰণেৰে শ্বেত বিপ্লৱ অনাৰ প্ৰয়াস
Thursday, February 28, 2019
Comment
চিৰাঙৰ পতঞ্জলি যোগপীঠত স্বামী ৰামদেৱঃ
ৰাইজৰ মাজত আঠ শতাধিক উন্নত প্ৰজাতিৰ গাই গৰু বিতৰণেৰে শ্বেত বিপ্লৱ অনাৰ প্ৰয়াস
বঙাইগাঁওঃ ২৬ ফেব্ৰুৱাৰীঃ
চিৰাঙৰ পতঞ্জলি যোগপীঠত আজি স্বামী ৰামদেৱৰ লগতে আচাৰ্য্য বালাকৃষ্ণই বিতৰণ কৰিলে স্থানীয় দৰিদ্ৰ পৰিয়ালৰ লোকৰ মাজত দেশীয় প্ৰজাতিৰ আঠ শতাধিক উন্নত গাই গৰু । এই গৰু দৰিদ্ৰ পৰিয়ালৰ লোকৰ মাজত বিতৰণ কৰি গৰুৰ অধিক গাখীৰ উৎপাদনেৰে শ্বেত বিপ্লৱ কৰাত পতঞ্জলি যোগপীঠে গুৰুত্ব প্ৰদান কৰিছে । হাৰিয়ানাৰ পৰা বঙাইগাঁৱলৈ ৰেল গাড়ীৰে ইতিমধ্যে আনি পতঞ্জলি যোগপীঠত মজুত কৰি ৰখা আঠ শ উন্নত প্ৰজাতিৰ গৰু আনুষ্ঠানিকভাৱে এক অনুষ্ঠানৰ মাজেৰে স্বামী ৰামদেৱে বিতৰণ কৰে । যোৱা সপ্তাহতে হাৰিয়ানাৰ পৰা ৰেলৰ ৪২ টা ডবাত এই গাই গৰুবোৰ পতঞ্জলি যোগ পীঠ ট্ৰাষ্টে চিৰাঙৰ খাগ্ৰাবাৰীলৈ আনিছিল ৰাইজৰ মাজত বিতৰণ কৰিবলৈ । দেশত বহুবছৰ আগতে চৰকাৰে ঘোষণা কৰা শ্বেত বিপ্লৱৰ নামত গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে জাৰ্ছী আৰু হোলষ্টন জাতীয় শংকৰ প্ৰজাতিৰ গৰু দেশখনত আমদানি কৰাৰ ফলত আমাৰ দেশৰ থলুৱা প্ৰজাতিৰ গৰু হ্ৰাস পাবলৈ ধৰাত উৎকৃষ্ট মানৰ গাখীৰৰ উৎপাদন হ্ৰাস পাবলৈ ধৰে। এই সংকটৰ পৰা উদ্ধাৰ পোৱাৰ বাবে পতঞ্জলি যোগপীঠে আৰম্ভ কৰিলে নিজাববীয়াকৈ শ্বেত বিপ্লৱ । এই শ্বেত বিপ্লৱৰ অধীণত থলুৱা প্ৰজাতিৰ গৰুবোৰক সংৰক্ষণ আৰু এইবোৰৰ পৰা উৎকৃষ্ট মানৰ গাখীৰ লাভ কৰাৰ বাবে থলুৱা প্ৰজাতিৰ গৰুবোৰক ৰাইজৰ মাজত বিতৰণ কৰাৰ পদক্ষেপ লৈছে পতঞ্জলি যোগপীঠে ।
চিৰাং জিলাৰ ৰৌমাৰীৰ খাগ্ৰাবাৰীতস্থিত পতঞ্জলি যোগ পীঠলৈ হাৰিয়ানাৰ পৰা অনা এই আঠ শ গৰু ৰাইজৰ মাজত স্বামী ৰামদেৱে নিজে বিতৰণ কৰে । পতঞ্জলিৰ এই কাৰ্য্যসুচীত বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী, কেবাজনো কাৰ্যবাহী সদস্য, বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাসহ বহু বিষয়ববীয়া উপস্থিত থাকে । ইপিনে গো দান সম্পৰ্কত স্বামী ৰামদেৱে সংবাদ মাধ্যমৰ আগত কয় যে পতঞ্জলী যোগ পীঠৰ পৰা এহেজাৰ গো দানৰ লক্ষ্য লোৱা হৈছিল আৰু এখন সম্পূৰ্ণ ট্ৰেনত গাই গৰুসমূহ লৈ অনা হৈছে ৷ এই গৰুসমূহ ইয়ালৈ অনাৰ বাবে ৬০ লাখ টকা কেৱল ভাড়াৰ নামতে দিবলগীয়া হৈছে ৷ কোটি টকাৰ এই গৰু ৷ বড়োলেণ্ডৰ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মুখ্য খাম্পা বৰগয়াৰী আৰু ইয়াৰ স্থানীয় লোকৰ ইচ্ছা আছিল যে উত্তৰ ভাৰতৰ যি সমূহ উৎকৃষ্ট প্ৰজাতিৰ গৰু আছে ইয়ালৈ আনিব লাগে ৷ সেয়ে আমি লৈ আহিছো আৰু এই গৰুসমূহৰ ভিতৰত গীৰ, চাহেৱাল, খাৰপাৰকাৰ, ৰাঠী, হাৰিয়ানৱী , কংক্ৰেচ আদি প্ৰজাতিৰ গৰু আছে ৷ এতিয়া অসমতো গাখীৰ, দৈ, ঘিউ উভৈনদী হৈ পৰক আৰু সকলোৰে জীৱনত সুখ আহক ৷ অসমত সৰু জাতৰ গৰুহে পুহিছিল ৷ ইমান ডাঙৰ গৰু বহুতে দেখাই নাছিল ৷ এই গাই গৰুৰ ৮ ৰ পৰা ১৫ লিটাৰ পৰ্যন্ত গাখীৰ হ'ব ৷ যাৰ ফলত ইয়াত উন্নয়নৰ এক নতুন অধ্যয় মুকলি হ'ব ৷ ইয়াত হিন্দু লোকৰ লগতে মুছলমান লোকেও গৰু লৈ সেৱা কৰাৰ ব্ৰত লৈছে ৷ সেয়ে আমাৰ বিশ্বাস আছে যে আহিবলগীয়া দিনত লোকসকলৰ জীৱনত এক প্ৰভাৱ পৰিব ৷ তেওঁ গো সেৱা, কৃষিৰ ওপৰত অনুসন্ধান, শিক্ষা, স্বাস্থ্য আৰু স্বাৱলম্বিতাৰ কাৰণে পতঞ্জলিয়ে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মুখ্য খাম্পা বৰগয়াৰীৰ লগতে বড়োলেণ্ডৰ লোকৰ সৈতে মিলি নিৰন্তৰভাৱে কাম কৰি যাব বুলিও কয় ৷
আনহাতে বি টি চিৰ উপ মুখ্য খাম্পা বৰগয়াৰীয়ে কয় যে পতঞ্জলী তথা স্বামী ৰামদেৱে খাগ্ৰাবাৰীৰ যিখন আশ্ৰম ইয়াত প্ৰায় এহেজাৰ গৰু আনি অঞ্চলটোৰ যিসকল দুখীয়া লোক তেওঁলোকৰ মাজত বিতৰণ কৰিছে ৷ এইটো আমাৰ কাৰণে এটা ডাঙৰ আঁচনি ৷ কাৰণ ইয়াৰ জৰিয়তে গৰীব - দুখীয়া লোকসকলে জীৱিকাৰ এটা পথ পাইছে ৷ আমাৰ স্থানীয় যিবোৰ গৰু আছে সেইবোৰ সৰু সৰু আৰু অলপহে গাখীৰ দিয়ে ৷ সেয়ে যেতিয়া স্বামী বাবা ৰামদেৱে ইয়াত আশ্ৰমখন বনাইছিল তেতিয়া আমি অনুৰোধ কৰিছিলো যে ভাৰতৰ যিসমূহ উন্নত প্ৰজাতিৰ গাই গৰু আছে সেইবোৰ যদি আমাৰ ইয়ালৈ আনে লোকসকল উপকৃত হ'ব পাৰিব ৷ এতিয়া তেওঁলোকে আনিছে আৰু এতিয়া এই গৰুবিলাক পতঞ্জলি, স্থানীয় লোক আৰু বি টি চিৰ তৰফৰ পৰা চোৱা চিতা কৰা হ'ব ৷ সেইদৰে পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক আচাৰ্য বালকৃষ্ণই কয় যে এয়া এক ঐতিহাসিক কাৰ্য ৷ ইতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাই ৷ কাৰণ চৰকাৰী নীতি - নিয়ম অনুসৰি ইমান বৃহৎ সংখ্যক গৰুক এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিয়াতো টান কাম ৷ তৎস্বত্বেও আমি মাল পৰিবাসী ৰেল বুকিং কৰি লৈ গৰুসমূহ আহিছো ,যিটো বহু কষ্টকৰ কাম আছিল ৷ দ্বিতীয় কথাটো হ'ল আমি ভিন ভিন গোশালাৰ পৰা বাচি বাচি গৰুসমূহ লৈ আহিছো ৷ সকলো গৰু ভাৰতীয় প্ৰজাতিৰ ৷ পালন কৰিবলৈকো সহজ ৷ আমি সুখী ৷ কাৰণ আমি যেতিয়া ইয়ালৈ আহিছিলো তেতিয়া বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, খাম্পা বৰগয়াৰী , চন্দন ব্ৰহ্ম, পানী ৰাম ব্ৰহ্ম আদি সকলোৰে এটা সপোন আছিল আৰু আমি কৈছিলো যে আমি ইয়াত এনে এটা গোশালা স্থাপন কৰিম য'ত গৰুৰ জৰিয়তে জীৱন নিৰ্বাহৰ পথ মুকলি হ'ব ৷ ইয়াৰ এটা পৰ্যায়ৰ আৰম্ভ হ'ল ৷ আমি দুখীয়া লোকসকলক গৰুসমূহ বিনামূলীয়াকৈ দিছো ৷ কিন্তু তেওঁলোকে এই গৰু বিক্ৰী কৰিব নোৱাৰিব ৷



0 Response to "চিৰাঙৰ পতঞ্জলি যোগপীঠত স্বামী ৰামদেৱঃ ৰাইজৰ মাজত আঠ শতাধিক উন্নত প্ৰজাতিৰ গাই গৰু বিতৰণেৰে শ্বেত বিপ্লৱ অনাৰ প্ৰয়াস "
Post a Comment