চিৰাঙত স্বামী ৰামদেৱ শিক্ষা আৰু যোগবিদ্যাৰ কোনা ভাষা অথবা ধৰ্ম নাই
Thursday, February 28, 2019
Comment
চিৰাঙত স্বামী ৰামদেৱ
শিক্ষা আৰু যোগবিদ্যাৰ কোনা ভাষা অথবা ধৰ্ম নাই
বঙাইগাঁওঃ২৬ ফেব্ৰুৱাৰীঃ
শিক্ষা আৰু যোগ বিদ্যাৰ কোনো ভাষা অথবা ধৰ্ম নাই ৷ মানুহক গঢ়ি তোলাৰ বাবে এই দুয়োটাৰে প্ৰয়োজন ৷ এই মন্তব্য কৰিছে যোগগুৰু স্বামী ৰামদেৱে ৷ আজি চিৰাং জিলাৰ খাগ্ৰাবাৰীস্থিত পতঞ্জলি আশ্ৰমত অনুষ্ঠিত পতঞ্জলি আচাৰ্যকুলম বিদ্যালয়ৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে গোশালা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে ৷ স্বামী ৰামদেৱে লগতে কয় যে শৈশৱ অৱস্থাৰ পৰাই যোগাভ্যাস গঢি তুলিব লাগে ৷ তেতিয়া হ'লে দৈহিক বিকাশ পৰিপুষ্টভাৱে হয় আৰু বেমাৰ - আজাৰ কাষ চাপিব নোৱাৰে ৷
তেওঁ লগতে কয় যে শিশুসকলক শৈশৱৰ পৰাই পুথিগত বিদ্যা শিকোৱাৰ লগতে সংস্কাৰধৰ্মী শিক্ষা প্ৰদানো কৰিব লাগিব ৷ তেতিয়াহে মানুহ এজনৰ বৌদ্ধিক বিকাশ ঘটে আৰু সংস্কাৰমুখী হয় ৷ অনুষ্ঠানত যোগগুৰু ৰামদেৱে যোগ প্ৰদৰ্শন কৰাৰ লগতে প্ৰশিক্ষনো প্ৰদান কৰে ৷ যোগ প্ৰদৰ্শন কৰি যোগগুৰুগৰাকীয়ে কয় যে যোগ হ'ল জীৱন ধাৰণৰ এক পদ্ধতি ৷ যোগ হ'ল বৈজ্ঞানিক জীৱন যাপনৰ এক অংশ ৷ সেয়ে আচাৰ্যকুলম বিদ্যালয়ত বিদ্যাৰ লগতে যোগাভ্যাসৰ শিক্ষা প্ৰদান কৰা হয় ৷ তাৰোপৰি এই বিদ্যালয়ত ছাত্ৰ - ছাত্ৰীসকলক সংস্কাৰমুখী শিক্ষা প্ৰদান কৰাৰ কাৰণে ছাত্ৰ - ছাত্ৰীসকলক মাজত গঢ়ি উঠে প্ৰেম আৰু ভাতৃত্ববোধ ৷ কাৰণ জ্ঞান আৰু শিক্ষা একে নহয় ৷
স্বামী ৰামদেৱে ভাৰতীয় সংস্কৃতিত যোগ আৰু যুদ্ধ দুটা দিশ থকা বুলিও কয় ৷ অনুষ্ঠানত পতঞ্জলি আচাৰ্যকুলমৰ ছাত্ৰ- ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠানো প্ৰদৰ্শন কৰে ৷ লগতে বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ছাত্ৰ - ছাত্ৰীসকলক পুৰস্কাৰো প্ৰদান কৰা হয় ৷ অনুষ্ঠানত পতঞ্জলি যোগ পীঠ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক আচাৰ্য বালকৃষ্ণ, হৰিদ্বাৰৰ পৰা অহা স্বামী চৈত্যানন্দ , বি টি চি ৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আদি উপস্থিত থাকে ৷ উল্লেখ্য যে স্বামী ৰামদেৱে পতঞ্জলি আশ্ৰমত নৱ নিৰ্মিত গোশালাৰো শুভ উদ্ধোধন কৰে ৷ লগতে স্থানীয় দুখীয়া পৰিয়ালৰ লোকৰ মাজত বিনামূলীয়াকৈ উন্নত প্ৰজাতিৰ গো দান কাৰ্যসূচীৰো শুভাৰম্ভ কৰে ৷ স্বামী ৰামদেৱে নিজ হাতে কেবাগৰাকীও লোকক গো দান কৰে ৷ উল্লেখ্য যে স্থানীয় লোকৰ মাজত গৰু বিতৰণৰ বাবে পতঞ্জলি আশ্ৰমত হাৰিয়ানাৰ পৰা ৮০০ ৰো অধিক গৰু অনা হৈছিল ৷



0 Response to "চিৰাঙত স্বামী ৰামদেৱ শিক্ষা আৰু যোগবিদ্যাৰ কোনা ভাষা অথবা ধৰ্ম নাই "
Post a Comment