-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত অংগনৱাড়ী কৰ্মী- সহায়িকাৰ বিক্ষোভ প্ৰদৰ্শন     প্ৰধামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

বঙাইগাঁৱত অংগনৱাড়ী কৰ্মী- সহায়িকাৰ বিক্ষোভ প্ৰদৰ্শন প্ৰধামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ




বঙাইগাঁৱত অংগনৱাড়ী কৰ্মী- সহায়িকাৰ বিক্ষোভ প্ৰদৰ্শন 

প্ৰধামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 


                       
                     বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ

ৰাজ্যখনৰ অংগনৱাড়ী কৰ্মী- সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, কৰ্মী - সহায়িকাসকলক  ন্যূনতম ওঠৰ হাজাৰ টকাকৈ মাহিলী মজুৰি আদায় দিয়া আৰু নিশ্চিত পেঞ্চন আদায় দিয়াৰ দাবীত আজি বঙাইগাঁৱত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বঙাইগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ চি আই টি ইউৰ উদ্যোগত বঙাইগাঁও গান্ধী ময়দানৰ পৰা উলিওৱা সমদল মায়াপুৰী তিনি আলি হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু বিক্ষোভ প্ৰদৰ্শন কৰে ৷ বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে অসম চৰকাৰ হায় হায়, অংগনৱাড়ী কৰ্মী- সহায়িকাসকলক মাননি দিব নোৱাৰা চৰকাৰ হায় হায়, আমাৰ দাবী নাৰ্য দাবী, অতি শীঘ্ৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাহিলী মাননি১৮ হাজাৰ টকাকৈ ধাৰ্য কৰক , কৰ্মী - সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক আদি বিভিন্ন শ্লোগান দি গোটেই পথছোৱাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ মুখৰিত কৰি তোলে ৷ 
পিচত উপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে জিলা অগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰত জিলা অংগনৱাড়ী কৰ্মী - সহায়িকা সন্থাই পুডিচেৰী চৰকাৰে অংগনৱাড়ী কৰ্মীসকলক মাহিলী ১৩,১৪১ টকাকৈ আৰু সহায়িকাসকলক ১০,১৪১ টকাকৈ, কেৰেলা চৰকাৰে কৰ্মীসকলক মাহিলী ১০,০০০ টকাকৈ আৰু সহায়িকাসকলক ৭,০০০ টকাকৈ আৰু দিল্লী চৰকাৰে কৰ্মীসকলক মাহিলী ৯,৬৭৮ টকাকৈ আৰু সহায়িকাসকলক ৭,০০০ টকাকৈ আদায় দি অহাৰ বিপৰীতে ৰাজ্যখনৰ অংগনৱাড়ী কৰ্মীসকলে মাত্ৰ ৩,৫০০ টকাকৈ আৰু সহায়িকাসকলে ২,০০০ টকাকৈ মাহিলী মাননি হিচাপে লাভ কৰি অহা বুলি উল্লেখ কৰি এই বৈষম্য অত্যন্ত লজ্জাজনক বুলি কয় ৷ লগতে সুদীৰ্ঘ ৩০ টা বছৰ সেৱা আগবঢ়োৱাৰ পিচত কোনো পেঞ্চনৰ ব্যৱস্থা নকৰাকৈ এতিয়া চৰকাৰে কিছু কৰ্মী-সহায়িকাক অৱসৰ দিব বিচৰা সিদ্ধান্তৰো সন্থাই সম্পূৰ্ণ বিৰোধিতা কৰে ৷

0 Response to "বঙাইগাঁৱত অংগনৱাড়ী কৰ্মী- সহায়িকাৰ বিক্ষোভ প্ৰদৰ্শন প্ৰধামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article