-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত দ্বিতীয় পৰ্যায়ৰ চাহ বাগিচা ধন পুৰস্কাৰ মেলা

বঙাইগাঁৱত দ্বিতীয় পৰ্যায়ৰ চাহ বাগিচা ধন পুৰস্কাৰ মেলা



বঙাইগাঁৱত দ্বিতীয় পৰ্যায়ৰ চাহ বাগিচা ধন পুৰস্কাৰ মেলা




                             বঙাইগাঁওঃ২৫ফেব্ৰুৱাৰীঃ
বঙাইগাঁও জিলাত চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বিতীয় পৰ্যায়ৰ ধন বিতৰণৰ অনুমোদন পত্ৰ আজি বীৰঝৰা চাহ বাগিচাৰ কৰ্মচাৰীক আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়। এই উপলক্ষে আজি বীৰঝৰা চাহ বাগিচা চৌহদত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে লীড বেংক মেনেজাৰ দীপু সাহাই। তেওঁ ভাষণ প্ৰসংগত চাহ বাগিচাৰ কৰ্মচাৰীসকলক তেওঁলোকৰ বেংক একাউনন্টসমূহ লেনদেনৰ জৰিয়তে সক্ৰিয় কৰি ৰাখিবলৈ আহ্বায় জনায়। তেওঁ লগতে আৰু কয় যে বেংকত তেওঁলোকে প্ৰতি বছৰৰ' মে'  মাহত যদি ১২ টকাৰে এটা বীমা খোলে তেতিয়াহ'লে তেৱঁৰ মৃত্যু হ'লে ২লাখ টকাৰ বীমাৰ ধন লাভ কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঐতিহাসিক বিমুদ্ৰাকৰণৰ সুফলসমূহ প্ৰতিখন চাহ বাগিচালৈ সম্প্ৰসাৰণ কৰাৰ এক পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল। 
বিমুদ্ৰাকৰণৰ পৰৱৰ্তী সময়ত চৰকাৰে ডিজিটেল মাধ্যমেৰে বিত্তীয় লেনদেন কৰাৰ বাবে চাহ বাগিচা কৰ্মচাৰীক উৎসাহিত কৰিবলৈ 'চাহ বাগিচা ধন পুৰস্কাৰ মেলা' শীৰ্ষক আঁচনিখন বিগত বিত্তীয় বৰ্ষৰ জানুৱাৰী মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভাৰম্ভ কৰিছিল। এই আঁচনিখনৰ জৰিয়তে মুঠ ৫,০০০ টকাৰ ২,৫০০ টকা যোৱা বছৰ প্ৰথম পৰ্যায়ত চাহ বাগিচাৰ কৰ্মচাৰীসকলক বেংক একাউন্টযোগে দিয়া হৈছিল। সেই আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত ২,৫০০ টকা দিয়াৰ অনুমোদন পত্ৰ আজি বীৰঝৰা চাহ বাগিচাৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হয় আৰু টকাখিনি ইতিমধ্যে যোৱা ১৫ ফেব্ৰুৱাৰীত বীৰঝৰা চাহ বাগিচাৰ ১,১৩৬ গৰাকী কৰ্মচাৰীক বেংক একাউন্টযোগে দিয়া হৈছে। সভাত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক জি পি হালদাৰেও বক্তব্য ৰাখে। সভাত অতিৰিক্ত উপায়ুক্ত কান্তা দাস , জিলা শ্ৰম বিষয়া ,বীৰঝৰা চাহ বাগিচাৰ মেনেজাৰ তথা চাহ বাগিচাখনৰ কৰ্মচাৰীসকলো উপস্থিত থাকে।

0 Response to "বঙাইগাঁৱত দ্বিতীয় পৰ্যায়ৰ চাহ বাগিচা ধন পুৰস্কাৰ মেলা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article