-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ

বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ


বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ
              
             
                      বঙাইগাঁওঃ ২৪ ফেব্ৰুৱাৰীঃ
সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক এক নিশ্চিত আয় আগবঢ়োৱাৰ উদ্দেশ্যে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' নামৰ আঁচনি এখনৰ শুভ উদ্বোধন কৰে ৷  উত্তৰপ্ৰদেশৰ গোৰখপুৰত শুভ উদ্বোধন কৰা প্ৰধানমন্ত্ৰীৰ এই উদ্বোধনী অনুষ্ঠানৰ লগত  সংগতি ৰাখি বঙাইগাঁৱতো জিলাভিত্তিত এই আঁচনিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা প্ৰশাসন, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ সৌজন্যত বঙাইগাঁৱৰ ঘনদলস্থিত বীনাপাণি পুথিভঁৰাল আৰু সামূহিক উন্নয়ন কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত আঁচনিখনৰ শুভ উদ্বোধনৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত উপস্থিত থকা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে কয় যে চৰকাৰে কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে এটা নীতি গ্ৰহণ কৰিছে আৰু ইতিমধ্যে কিছুমান গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰা হৈছে  ৷
ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষাণ ক্ৰেডিত কাৰ্ড, চয়েল হেলথ কাৰ্ড আদি ৷ আনহাতে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী কৃষি সা- সঁজুলি যোজনা বঙাইগাঁও জিলাতো শুভাৰম্ভ কৰা হৈছিল ৷ আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ উদ্দেশ্যে আটাইতকৈ বৃহৎ আঁচনি 'প্ৰধামন্ত্ৰী কৃষাণ সন্মান যোজনা ' নামৰ আঁচনিখনৰ শুভ উদ্বোধন কৰিব আৰু ইয়াত সকলোৱে পোনপটীয়াকৈ উদ্বোধনী অনুষ্ঠানৰ সম্প্ৰচাৰ দেখিবলৈ পাব বুলি কয় ৷ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী,অতিৰিক্ত উপায়ুক্ত  ধ্ৰুৱজ্যোতি দাস ,কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী চিন্ময় শৰ্মা, কৃষি বিভাগৰ বঙাইগাঁৱত থকা সহকাৰী সঞ্চালক লক্ষ্যেশ্বৰ ৰায়, জিলা কৃষি বিষয়া কনক চন্দ্ৰ ৰায়ৰ লগতে স্থানীয় কৃষকসকল 
এই অনুষ্ঠানত উপস্থিত থাকে। প্ৰধান মন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক ২,০০০ টকাকৈ তিনিটা কিস্তিত মুঠ ৬,০০০ টকা বেংক একাউন্টযোগে কৃষি কৰ্মত সহায়ক হোৱাকৈ প্ৰদান কৰা হ'ব। উল্লেখ্য যে বঙাইগাঁও জিলাৰ প্ৰায় ৩০,০০০ ক্ষুদ্ৰ আৰু উপান্ত কৃষকক এই আঁচনিৰ অধীনত বাচনি কৰা হৈছে। আজি উক্ত আঁচনিৰ শুভাৰম্ভ কৰাৰ আগেয়ে প্ৰধান মন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানটোও সম্প্ৰচাৰ কৰা হয় ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ পাঁচটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গোৰখপুৰত শুভ উদ্বোধন কৰা ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি 'আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানৰ সম্প্ৰচাৰৰ জৰিয়তে আঁচনিখনৰ শুভাৰম্ভ কৰা হয় ৷

0 Response to "বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article