বঙাইগাঁৱত মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় অধিৱেশন আৰম্ভ চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন
Thursday, February 28, 2019
Comment
বঙাইগাঁৱত মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় অধিৱেশন আৰম্ভ
চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন
বঙাইগাঁওঃ ২৩ ফেব্ৰুৱাৰীঃ
ৰাষ্ট্ৰীয় মহাদলিত পৰিসংঘৰ পঞ্চম ৰাষ্ট্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ ৰাষ্ট্ৰীয় মহাদলিত পৰিসংঘৰ অসম ৰাজ্যিক সমিতি আৰু বাচফোৰ যুৱ সংঘৰ উদ্যোগত বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি এক সমদল উলিয়ায় ৷ বঙাইগাঁও চহৰৰ গান্ধী ময়দানৰ পৰা জিলা পুথিভঁৰাললৈ উলিওৱা সমদলত ২০ খন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ অংশ গ্ৰহণ কৰি বাবা চাহেব অমৰ হওক, পৌৰ সভাৰ চাফাই কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰক, সমান কামৰ সমান বেতন আদায় দিয়ক, মহাদলিতসকলৰ বাবে শিক্ষা, বিকাশ আৰু ৰোজগাৰ উপলব্ধ কৰক, চাফাই কামত ঠিকা প্ৰথা বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি দাবী জনায় ৷ ইপিনে অধিৱেশন সন্দৰ্ভত বিয়লিৰ ভাগত এক সংবাদ মেলৰ আয়োজন কৰে ৷ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত ৰাষ্ট্ৰীয় মহাদলিত পৰিসংঘৰ সভাপতি বাবন ৰাৱতে কয় যে ৰাষ্ট্ৰীয় মহাদলিত পৰিসংঘ হ'ল দেশৰ মহাদলিতসকলৰ সংগঠনসমূহৰ সৰ্বভাৰতীয় স্তৰৰ এটা সংগঠন, যিয়ে মহাদলিতসকলৰ বিভিন্ন দাবী তথা সমস্যা সন্দৰ্ভত বিভিন্ন ৰাজ্যত অধিৱেশন অনুষ্ঠিত কৰি তথা ৰাষ্ট্ৰীয় পৰ্যায়ত দাবী আৰু আন্দোলন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমস্যাসমূহ সমাধানৰ বাবে কাম কৰি আহিছে ৷ দেশৰ ২০ খন ৰাজ্যত এই সংগঠনে কাম কৰি আছে যদিও অসমত এইবাৰেই প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছে বুলিও কয় ৷
বিগত ২০১৫ চনৰ ১ মাৰ্চত গঠন হোৱা পৰিসংঘৰ এইখন হ'ল পঞ্চম ৰাষ্ট্ৰীয় অধিৱেশন আৰু এই অধিৱেশনত পশ্চিম বংগ, বিহাৰ, মহাৰাষ্ট্ৰ ,ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, গুজৰাট আদিকে ধৰি ২০খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত হৈছে ৷ তেওঁ ইয়াৰ পূৰ্ৱে লক্ষ্ণ ,ঝাৰখণ্ড, পাটনা আৰু নাগপুৰত পৰিসংঘৰ অধিৱেশন অনুষ্ঠিত হোৱা বুলিও কয় ৷ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে সংবাদ মেলত কয় যে দলিতসকলৰ ভিতৰত যিসকল অধিক বঞ্চিত দলিত সেইসকলেই হ'ল মহাদলিত ৷ দেশত এনে বহু মহাদলিত জাতি আছে ৷ উদাহৰণ হিচাপে অসমৰ বাচফোৰ জাতিও অন্যতম ৷ যিসকলে স্বাধীনতাৰ ৭১ বছৰ পিছতো দুবেলা দুমুঠি অন্নৰ বাবে হাতত ঝাৰু তুলি লৈ চাফাইৰ কাম কৰি আহিছে ৷ কিন্তু তেওঁলোকে কামৰ বিনিময়ত প্ৰাপ্য লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷ ভাৰত চৰকাৰে ১৯৯৩ চনত ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগ গঠন কৰিছিল ৷ ইতিমধ্যে দেশৰ প্ৰায় ২০ খন ৰাজ্যত ৰাজ্য চৰকাৰে ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰিছে ৷ দুৰ্ভাগ্যজনক কথা এয়ে যে অসমত ৰাজ্য চৰকাৰে এই আয়োগ গঠন কৰা নাই ৷ সেয়ে সভাপতিগৰাকীয়ে অসম চৰকাৰক চাফাই কৰ্মচাৰীসকলৰ উন্নয়নৰ স্বাৰ্থত ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠনৰ বাবে দাবী জনায় ৷ লগতে চাফাই কৰ্মচাৰীসকলক সমান কামৰ সমান দৰমহা আদায় দিয়া, মহাদলিতসকলৰ ভিতৰত যিসকল জাতি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত পিচপৰি আছে সেইসকল জাতিক সমাজৰ মুখ্য ধাৰাৰ লগত চামিল কৰাৰ বাবে চিহ্নিত কৰা আৰু যিসকল জাতিয়ে সংৰক্ষণ ব্যৱস্থাৰ সুবিধা লাভ কৰা নাই সেইসকলৰ বাবে পৃথকে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দাবী জনায় ৷
সেইদৰে মহাদলিতসকলৰ উন্নয়নৰ স্বাৰ্থত মহাদলিত আয়োগ গঠন কৰা, ৰাজনৈতিক ক্ষেত্ৰত সম অধিকাৰ প্ৰদান কৰাৰ বাবেও দাবী জনায় ৷ তেওঁ কয় যে বিহাৰত মহাদলিত জাতিসকলৰ গাহৰিৰ জীৱন ধাৰণৰ দৰেই অৱস্থা ৷ বৰ্তমান মহাদলিত আয়োগ গঠনৰ পিচত কিছু পৰিৱৰ্তন হৈছে ৷ অসমৰ কথা নাজানো ৷ সংবাদমেলত তেওঁ পৌৰ সভা আৰু নগৰ সমিতিত ঠিকা ভিত্তিক চাফাই কৰ্মচাৰী নিয়োগ কৰাটো বন্ধ কৰা, অস্থায়ী চাফাই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰা, কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা তথা অৱসৰ গ্ৰহণ কৰা চাফাই কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক অনুকম্পামূলক নিয়ুক্তি দিয়াৰ দাবী জনায় ৷ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ স্পষ্ট কথা ,যদি চাফাই কৰ্মচাৰীসকলক ঠিকা ভিত্তিত কাম কৰিবলৈ দিয়া হয় তেতিয়াহ'লে উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলকো কামসমূহ ঠিকা ভিত্তত দিব পাৰে ৷ আনকি চৰকাৰখনো ঠিকা ভিত্তিত চলাব পাৰে ৷ ইপিনে ৰাষ্ট্ৰীয় মহাদলিত পৰিসংঘৰ অসম প্ৰদেশৰ প্ৰভাৰী ৰঘূনাথ হেলাই সংবাদ মেলত কয় যে ভাৰতবৰ্ষৰ ৭৬ টাতকৈও অধিক জাতি এই সংগঠনৰ লগত জড়িত আৰু ভাৰতবৰ্ষত এই জাতিসমূহৰ প্ৰায় ৩৫ কৌটি লোক আছে ৷ কিন্তু সুদীৰ্ঘ দিন ধৰি আমাক ৰাজনৈতিক দলসমূহে কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷ সেয়ে এই অধিৱেশনত আমি ৰাষ্ট্ৰীয়স্তৰৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিব ওলাইছে ৷ প্ৰস্তাৱটো হ'ল যিটো ৰাজনৈতিক দলে আমাৰ বাবে লোক সভাত ১০ শতাংশ আসন সংৰক্ষণ কৰিব সেই ৰাজনৈতিক দলেই আমাৰ ভোট পাব ৷ আনহাতে যিটো ৰাজনৈতিক দলে আমাৰ মহাদলিত সমাজৰ বুদ্ধিজীৱি বৰ্গক ১০ শতাংশ আসন সংৰক্ষণ কৰি ৰাজ্য সভালৈ পঠিয়াব, সেই দললৈকে আমাৰ ভোট যাব ৷ সেইদৰে যিটো ৰাজনৈতিক দলে সংৰক্ষণ ব্যৱস্থাত মহাদলিত সমাজক পৃথকে ১০ শতাংশ সংৰক্ষণ দিব সেই দলকেই ভোট দিয়া হ'ব ৷ কাৰণ এতিয়া আমি আৰু বুৰ্বক হৈ নাথাকো ৷ ৩৫ কৌটি বঞ্চিত সমাজৰ লোক মহাদলিত পৰিসংঘৰ সৈতে জড়িত হৈছে ৷
যদিহে ৰাজনৈতিক দলসমূহে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰা হয়, তেতিয়াহ'লে সংখ্যা গৰিষ্ঠতা নাপাব ৷ কাৰণ আমি যদি ৰাজনৈতিক দল গঠন কৰো তেতিয়াহ'লে প্ৰতিটো ৰাজনৈতিক দলৰে ভোট কটা যাব ৷ এইবোৰ দিশ চালি জাৰি চাইয়ে আগন্তক দিনত মহাদলিত পৰিসংঘই এক ৰাজনৈতিক দলৰ ৰূপ পাবলৈ আগবাঢ়িছে বুলিও কয় ৷ তেওঁ ৰাজ্যৰ বিধান সভা আৰু বিধান পৰিষদতো মহাদলিতসকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ দাবী জনায় ৷ সংবাদমেলত অসম ৰাজ্যিক সমিতিৰ সভাপতি বৈজনাথ বাচফোৰে অসম চৰকাৰৰ ওচৰত অসমত চাফাই কৰ্মচাৰী আয়োগ আৰু মহাদলিত আয়োগ গঠন কৰা, এন আৰ চিৰ ক্ষেত্ৰত মহাদলিতসকলক ৰেহাই দিয়া , চাফাই কৰ্মচাৰীসকলক মাহে ২৪ হাজাৰ টকাকৈ দৰমহা আদায় দিয়া, চাফাই কৰ্মচাৰীসকলক চৰকাৰী আবাস, আয়ুস্মান কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা আদিৰ দাবী জনায় ৷ এই দাবীসমূহ সন্দৰ্ভত অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও কয় ৷ সংবাদমেলত চাফাই কৰ্মচাৰীসকলে মাহৰ পিচত মাহ ধৰি দৰমহা লাভ নকৰাৰ লগতে দৰমহাৰ নামত সামান্য পৰিমাণৰ ধন লাভ কৰা বুলিও অভিযোগ কৰে ৷ সংবাদ মেলত পৰিসংঘৰ ৰাষ্ট্ৰীয় উপ সভাপতি উমেশ পিম্প্ৰে,ৰাষ্ট্ৰীয় সচিব ব্ৰীজমোহন লাল আদি বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে ৷ প্ৰথম দিনা প্ৰতিনিধি সভাও অনুষ্ঠিত হয় ৷ দ্বিতীয় দিনা পতাকা উত্তোলন, প্ৰতিনিধি সভা, প্ৰস্তাৱ গ্ৰহণ, সাংস্কৃতিক অনুষ্ঠান, মুকলি সভা আদি অনুষ্ঠিত হ'ব ৷




0 Response to " বঙাইগাঁৱত মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় অধিৱেশন আৰম্ভ চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন "
Post a Comment