-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক, জনসেৱক প্ৰয়াত  মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তি উন্মোচন

বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক, জনসেৱক প্ৰয়াত মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তি উন্মোচন



বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক, জনসেৱক প্ৰয়াত  মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তি উন্মোচন


                        বঙাইগাঁওঃ ২৪ ফেব্ৰুৱাৰীঃ
অসম বিধান সভাৰ বঙাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক, বঙাইগাঁও অঞ্চলৰ কৃতী সন্তান, জনসেৱক প্ৰয়াত মথুৰা মোহন সিংহৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি আজি শুভ উন্মোচন কৰা হয় ৷ মূলাগাঁও বীণাপাণি ক্লাব আৰু সামূহিক কেন্দ্ৰত স্থাপন কৰা জনসেৱক মথুৰা মেহন সিংহৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰীয়ে ৷ স্মৃতি তৰ্পণ মুকলি কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে ৷ স্মৃতি তৰ্পণত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাস, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহ  প্ৰমুখ্যে ভালে সংখ্যক লোকে প্ৰয়াত জনসেৱকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই উপলক্ষে নাম -প্ৰসংগ আৰু স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় ৷ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতিচাৰণ সমিতিৰ সভাপতি অনিল কুমাৰ সিংহৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বঙাইগাঁৱৰ শিক্ষাবিদ মুকুন্দ শৰ্মা, লক্ষী কান্ত ৰায়, বংকিম চন্দ্ৰ চক্ৰৱৰ্তী আৰু ৰুদ্ৰেশ্বৰ পাঠকে বিশিষ্ট অতিথিৰূপে উপস্থিত থকাৰ উপৰি কে'বাজনো অতিথি উপস্থিত থাকে ৷ এই অনুষ্ঠানত প্ৰতিমূৰ্তি নিৰ্ণাণ কৰা শিল্পী নুৰুদ্দিন আহমেদক সম্বৰ্ধনা জনোৱা হয় ৷  প্ৰতিমূৰ্তি  উন্মোচন আৰু স্মৃতিচাৰণ সভাত ভালে সংখ্যক অতিথিৰ লগতে প্ৰয়াত মথুৰা মোহন সিংহৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

0 Response to "বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক, জনসেৱক প্ৰয়াত মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তি উন্মোচন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article