মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ এশগৰাকী ছাত্ৰ - ছাত্ৰীৰ যোৰহাটলৈ যাত্ৰা
Thursday, February 28, 2019
Comment
মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ এশগৰাকী ছাত্ৰ - ছাত্ৰীৰ যোৰহাটলৈ যাত্ৰা
বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ
বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ
মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ অধীনত আজি বঙাইগাঁও জিলাৰ পৰা পুৱা ৬ বজাত জিলাখনৰ ১১ খন বিদ্যালয়ৰ পৰা মুঠ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যোৰহাটলৈ যাত্ৰা কৰে। শিক্ষামূলক উদ্দেশ্যৰে বঙাইগাঁৱৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলে যোৰহাটলৈ আন আন জিলাৰপৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগত মিলিত হ'ব আৰু কুইজ,নাচ-গান আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কিৰিব ৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই পতাকা জোকাৰি জ্ঞানজ্যোতি ভ্ৰমণৰ শুভাৰম্ভ কৰে। তেওঁ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি বিজয়ী হবলৈ শুভেচ্ছা জনায়। লগতে নিয়ম শৃংখলা বজাই ৰাখি চলিবলৈ আহ্বান জনায়। আনহাতে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে পৰিস্কাৰ পৰিচ্ছন্নতা অটুত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগত কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতিম খনিকৰে নোডেল বিষয়া হিচাপে গৈছে ৷ সেইদৰে চাৰিজন গাইড শিক্ষক-শিক্ষয়িত্ৰী তথা চিকিৎসক আৰু নিৰাপত্তাৰক্ষীও দলটোৰ সৈতে গৈছে।

0 Response to "মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ এশগৰাকী ছাত্ৰ - ছাত্ৰীৰ যোৰহাটলৈ যাত্ৰা"
Post a Comment