সুৰা ট্ৰেজেডীৰ চি বি আই তদন্তৰ দাবী আদিবাসী জাতীয় মহাসভাৰ প্ৰধানমন্ত্ৰী - গৃহমন্ত্ৰীক অসমলৈ অহাৰ বাবেও দাবী
Thursday, February 28, 2019
Comment
সুৰা ট্ৰেজেডীৰ চি বি আই তদন্তৰ দাবী আদিবাসী জাতীয় মহাসভাৰ
প্ৰধানমন্ত্ৰী - গৃহমন্ত্ৰীক অসমলৈ অহাৰ বাবেও দাবী
বঙাইগাঁওঃ ২৫ ফেব্ৰুৱাৰীঃ
ৰাজ্যখনৰ গোলাঘাট আৰু যোৰহাট জিলাৰ শালমৰা ,ঊষাগৰঙা ,বৰহোলা আদি চাহ বাগিচাকে ধৰি বিভিন্ন আদিবাসী চাহ শ্ৰমিক এলেকাত বিষাক্ত চুলাই মদ সেৱন কৰি ১৫০ ৰো অধিক চাহ শ্ৰমিকৰ মৃত্যু হোৱাত মৰ্মাহত হৈ পৰিছে আদিবাসী জাতীয় মহাসভা ( সংগ্ৰামী মঞ্চ) অসম ৷ এক প্ৰেছ বিবৃতিত আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়েল হেমব্ৰম , উপ সভাপতি দুৰ্গা হাসদা আৰু সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যুগ যুগ ধৰি আদিবাসীসকল পৰম্পৰাগতভাৱে মদ সেৱন কৰিলেও একেলগে ডেৰ শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নহয় আৰু স্বাভাৱিক হ'ব নোৱাৰে ৷ এয়া এক পৰিকল্পিত হত্যা বুলিও অভিযোগ উত্থাপন কৰে ৷ লগতে মহাসভাৰ নেতৃত্বই বিবৃতিটোত আৰু কয় যে যিটো সময়ত অসমৰ আদিবাসী ৰাইজে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে একে মুখে প্ৰতিবাদ জনাই আদিবাসী অধ্যুষিত এলেকা আৰু চাহ বাগিচাসমূহত আগন্তুক লোক সভা নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক দলক প্ৰৱেশ নিষিদ্ধ কৰাৰ পিচত এনে ধৰণে চুলাই মদৰ দ্বাৰা বিষক্ৰিয়া হোৱা ঘটনাৰ আঁৰত নিশ্চিয় নিকৃষ্ট ষড়যন্ত্ৰ থাকিব লাগিব ৷ আমাৰ সন্দেহ হৈছে এয়া কু-অভিসন্ধিৰে পৰিকল্পিতভাৱে চৰকাৰ তথা আবকাৰী বিভাগৰ ছত্ৰছায়াতে এইবোৰ ঘটনা সংঘটিত হৈছে বুলিও কয় ৷ আনহাতে এই ঘটনাৰ বাবে পোনপটীয়াভাৱে অসম চৰকাৰ দোষী বুলি কয় আদিবাসী জাতীয় মহাসভাই ৷ বিবৃতিটোত আদিবাসী জাতীয় মহাসভাই অসমৰ এই সৰ্ববৃহৎ সুৰা ট্ৰেজেডীৰ চি বি আইৰ দ্বাৰা তদন্ত কৰাৰো দাবী জনায় ৷ লগতে প্ৰতিজন মৃত লোকৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা ,আদিবাসী অধ্যুষিত এলেকা আৰু চাহ বাগিচা এলেকাত কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুলাই মদৰ বৈধ - অবৈধ ভাটীসমূহ নিষিদ্ধ কৰি সম্পূৰ্ণভাৱে সুৰামুক্ত হিচাপে ঘোষণা কৰা আৰু অসৰ যিবোৰ চাহ বাগিচাত নিচাসক্ত লোকৰ সংখ্যা অধিক , সেই বাগিচাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে সুৰামুক্ত কেন্দ্ৰ স্থাপনৰ দাবী জনায় ৷ আদিবাসী জাতীয় মহাসভাৰ নেতৃত্বই ইমান লোকৰ মৃত্যুৰ পিচতো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নহাত আক্ষেপ প্ৰকাশ কৰি নিৰ্বাচনৰ সময়ত নহয়, বৰং বৰ্তমান ঘটনাৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙক অসমলৈ অহাৰ দাবী জনায় ৷ লগতে এতিয়া যদি নাহে তেন্তে নিৰ্বাচনৰ সময়তো অহাৰ প্ৰয়োজন নাই বুলি কয় ৷

0 Response to "সুৰা ট্ৰেজেডীৰ চি বি আই তদন্তৰ দাবী আদিবাসী জাতীয় মহাসভাৰ প্ৰধানমন্ত্ৰী - গৃহমন্ত্ৰীক অসমলৈ অহাৰ বাবেও দাবী "
Post a Comment