বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতি গঠন কবিতাৰ সৈতে হোলীৰ ৰং শীৰ্ষক কবি সন্মিলন
Thursday, March 21, 2019
Comment
বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতি গঠন
কবিতাৰ সৈতে হোলীৰ ৰং শীৰ্ষক কবি সন্মিলন
কবিতাৰ সৈতে হোলীৰ ৰং শীৰ্ষক কবি সন্মিলন
বঙাইগাঁওঃ ১৭ মাৰ্চঃ

অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিখন আজি বঙাইগাঁৱত গঠন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁৱৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত সমিতি গঠনৰ প্ৰথমখন সভাত সভাপতিত্ব কৰে নিউ বঙাইগাঁও শাখা কাব্য কানন বহুভাষিক কবি সন্মিলনৰ উপদেষ্টা মুকুন্দ শৰ্মাই ৷ সভাত তিনিচুকীয়াৰ অজিত দত্তক সভাপতি, বঙাইগাঁৱৰ কাজী শ্বামীম, অভয়াপুৰীৰ ড৹ মৰমী বৰঠাকুৰ তালুকদাৰ আৰু বৰপেটাৰ নাঞ্জু দত্তক কাৰ্যকৰী সভাপতি আৰু বঙাইগাঁৱৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাক সম্পাদক হিচাপে লৈ অসম বহুভাষিক কবি সন্মিলনৰ ৫১ জনীয়া সমিতিখন গঠন কৰা হয় ৷
সভাত দুখন কবিতা পুথিও উন্মোচন কৰা হয় ৷ বঙাইগাঁৱৰ বয়োজ্যেষ্ঠ কবি দীনেশ চন্দ্ৰ দাসৰ ' সীমাহীন যন্ত্ৰণাৰ মাজে মাজে ' শীৰ্ষক কবিতা পুথিখন অজিত দত্তই আৰু নীহাৰ ৰঞ্জন পালৰ ' চিলড্ৰেনচ পেৰাডাইজ' নামৰ ইংৰাজী কবিতা পুথিখন মুকুন্দ শৰ্মাই উন্মোচন কৰে ৷ সভাৰ আৰম্ভনীতে স্মৃতি তৰ্পণ কৰে মুকুন্দ শৰ্মা আৰু অজিত দত্তই ৷ ইপিনে সভাৰ পিচতে এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয় ৷
আগন্তুক ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ' হোলীৰ ৰঙৰ সৈতে কবিতাৰ সংগ' শীৰ্ষক বহুভাষিক কবি সন্মিলনৰ আৰম্ভনীতে সকলোৱে এজনে আনজনৰ গালে - মুখে আবিৰ সানি ৰং খেলি হোলী গীতৰ তালে তালে আনন্দত ভাগ লয় ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ মৰমী বৰঠাকুৰ তালুকদাৰ আৰু কাজী শ্বমীমে সঞ্চালনা কৰা বহুভাষিক কবি সন্মিলনত দুকুৰীৰো অধিক কবিয়ে কবিতা পাঠ কৰে ৷


0 Response to "বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতি গঠন কবিতাৰ সৈতে হোলীৰ ৰং শীৰ্ষক কবি সন্মিলন "
Post a Comment