-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত লোক সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা

বঙাইগাঁৱত লোক সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা



বঙাইগাঁৱত লোক সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা 



                              বঙাইগাঁওঃ ১৭ মাৰ্চঃ
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সমাগত লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত তথা এচভিইইপি (SVEEP) কোষৰ সহযোগত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ মাজত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ 
বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাত বঙাইগাঁও ডায়েটৰ অনুপম দাস আৰু বিনয় কুমাৰ প্ৰসাদৰ দলে প্ৰথন স্থান , বঙাইগাঁও বি এড কলেজৰ ৰুবুল ৰয় আৰু সুমন দাসৰ দলে দ্বিতীয় স্থান আৰু বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাৰহানুৰ ৰহমান আৰু অজস্বেতা বশিষ্ট গোস্বামীৰ দলে তৃতীয় স্থান লাভ কৰে ৷ কুইজ প্ৰতিযোগিতাত জিলা উপায়ুক্ত আদিল খান, নিৰ্বাচনী বিয়ষা বাসবী ঠাকুৰীয়া সমন্বিতে জিলাৰ উচ্চ পদস্থ বিষয়া- কৰ্মচাৰী, বিদ্যালয় - মহাবিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী আৰু ছাত্ৰ - ছাত্ৰীসকল উপস্থিত থাকে ৷ প্ৰতিযোগিতাৰ শেষত পুৰস্কাৰসমূহ বিতৰণ কৰা হয় ৷ 

0 Response to "বঙাইগাঁৱত লোক সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article